নলবাৰীত নৃশংস হত্যাকাণ্ড : পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

নলবাৰীত নৃশংস হত্যাকাণ্ড : পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

author-image
Asomiya Pratidin
New Update
নলবাৰীত নৃশংস হত্যাকাণ্ড : পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক হত্যাকাণ্ড। নলবাৰীত সুৰাসক্ত পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃক। এই ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত কঞাকুছি গাঁৱত। দেওবাৰে পুৱতি নিশা প্ৰায় ৩-২০ বজাত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা।

Advertisment

ইতিমধ্যে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অভিযুক্ত তথা ধৃত পুত্ৰৰ নাম ৰাকেশ কলিতা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। ঘগ্ৰাপাৰ আৰক্ষীয়ে অভিযুক্ত ৰাকেশ কলিতাক ইতিমধ্যে আটক কৰি ঘগ্ৰাপাৰ থানালৈ নিয়ে।

উল্লেখ্য যে, ৰভা-মঞ্চ (পেণ্ডেল) আদিৰ কাম কৰা ৰাকেশৰ বিৰুদ্ধে দীৰ্ঘদিনৰে পৰা মাতৃক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্ত ৰাকেশৰ ভাষ্য অনুসৰি পইছাৰ বাবেই পূৰ্বেও মাতৃৰে তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল। হত্যাকাণ্ডৰ পূৰ্বে উক্ত কাৰণতে মাতৃ-পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

Also Read: নলবাৰীত ভবেন বৰুৱা সোঁৱৰণি সদৌ অসম শিশু নাট প্ৰতিযোগিতা

Ghograpar Police crime Assam police