/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল ডেস্কঃ সৰস্বতী পূজাৰ আধ্যত্মিক পৰিবেশৰ মাজত ৰাজ্যবাসী ব্যস্ত থকাৰ সময়তে সংঘটিত হৈছে এক কৰুণ ঘটনা। দুই কিশোৰ-কিশোৰীয়ে একেলগে বিহপান কৰাৰ দৰে এক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে নলবাৰীত।
জানিব পৰা মতে নলবাৰীৰ বৰমাৰ কদমতলত সংঘটিত হৈছে এই ঘটনা। বিহ পান কৰা দুই কিশোৰ-কিশোৰীয়ে প্ৰেম জনিত কাৰণতে এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।
ইফালে ইতিমধ্যে বিহ পান কৰা ১৭ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰিছে। জীৱন মৃত্যুৰে এতিয়াও হাস্পতালত যুঁজ দি আছে ১৮ বছৰীয়া কিশোৰজনে।
আজি সৰস্বতী পূজা উপলক্ষে দুয়ো বিদ্যালয়লৈ ওলাই আহিছিল দুয়ো। এখন ব্যক্তিগত মাধ্যমত অধ্যয়নৰত আছিল দুয়োগৰাকী শিক্ষাৰ্থী।
ইফালে অভিযোগ অনুসৰি পূৰ্বেও এনেধৰণে বিহ পান কৰিছিল কিশোৰীগৰাকী। তেওঁক প্ৰেমিকে এইদৰে বিহপান কৰিবলৈ বাধ্য কৰাইছিল। তেওঁ নিজেও প্ৰেমিকাৰ সন্মুখত বিহপান কৰাৰ অভিনয় কৰিছিল।
আজি এই ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে।