/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fdbad70b-e448-47c5-96d5-19149b772b43/15.jpg)
ডিজিটেল ডেস্ক : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ভবেন বৰুৱা সোঁৱৰণি সদৌ অসম শিশু নাট প্ৰতিযোগিতা। শনিবাৰৰ পৰা সোমবাৰলৈ ৩দিনীয়াকৈ আৰম্ভ হৈছে ভবেন বৰুৱা সোঁৱৰণি সদৌ অসম শিশু নাট প্ৰতিযোগিতা। নলবাৰী নাট্য মন্দিৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/34dab208-f864-4a34-9893-a4ce006bb97f/5bae0244_8915_439d_9fa3_0ef4429770e6.jpg)
দেওবাৰৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে যশস্বী অভিনেতা ব্ৰজেন বৰাই। এই অনুষ্ঠানত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক তথা জ্য়েষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1c110296-a0a9-460b-bad6-8cec9e058ba2/ee6ade64_054b_430f_8f8e_42bad581d38d.jpg)
উক্ত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা এখন স্মৰণিকা উন্মোচন কৰে জ্য়েষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। ভাষণ প্ৰসংগত মহন্তই শংকৰদেৱৰ পৰৱৰ্তী কালত আধুনিক নাটকৰ যি বাটকটীয়াসকলৰ পৰৱৰ্তী পিড়িৰ ল'ৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত নলবাৰী আৰু বৰপেটা নাট্য মন্দিৰৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/948eac8c-7d42-4889-b3f7-b0160376eee9/25605e58_cb76_4520_aba1_8d30c8195959.jpg)
অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ প্ৰবীণ শৰ্মাক জীৱনজোৰা নাট্য সাধনা বঁটা প্ৰদান কৰা হয়। ইফালে অনুষ্ঠানৰ অন্তিম দিনা সোমবাৰে যশস্বী অভিনেতা ভৱেশ বৰুৱালৈ 'ভবেন বৰুৱা বঁটা' প্ৰদান কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/261b7cd1-8e76-4025-bb3a-80c53f943abd/96f62009_6e5f_4dee_9769_e7361df7a95d.jpg)
Also Read: বিশ্বকাপ ২০২৩ৰ ভাৰতীয় দলত স্থান নাই সঞ্জু চেমচন-যুজবেন্দ্ৰ চহলৰ!