/asomiyapratidin/media/media_files/2025/04/15/YXTe8y3E5MNhqHO11QOU.jpg)
ডিজিটেল ডেস্কঃ ১ ব’হাগৰ দিনটোতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ক্ষোভৰ সন্মুখীন হ’ল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। স্বয়ং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতেই সকলোৰে সন্মুখত নলবাৰীৰ নিজা সমষ্টিত জয়ন্ত মল্ল বৰুৱাক কটু বাক্য শুনালে গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।
উল্লেখ্য যে, আজি নলবাৰী সমষ্টিৰ বাঁহজানী মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈছিল দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলটোৰ আন কেইবাজনো জ্যেষ্ঠ নেতা। মুখ্যন্ত্ৰী ড০ শৰ্মাই নৱ নিৰ্মিত ভৱন উদ্বোধন কৰাৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈ যোৱাৰ পাছতেই লাগে অথন্তৰ।
জানিব পৰা মতে কাৰ্যালয় উদ্বোধনৰ পাছতো বহু সময়লৈকে কাৰ্যালয়ৰ বাহিৰতে থাকিবলগীয়া হয় দিলীপ শইকীয়া। কাৰ্যালয়ৰ ভিতৰত মুখ্যমন্ত্ৰীৰে মণ্ডল সভাপতি মিণ্টু তামুলী বহু সময় ধৰি সোমাই আছিল। যাৰ বাবে সভাপতি দিলীপ শইকীয়াই বাহিৰত থাকিবলগীয়া হৈছিল।
সেয়ে ক্ষোভত অগ্নি শৰ্মা হৈ দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীৰ সন্মুখতে মিণ্টু তামুলীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তেওঁলক দলৰ পৰা চাইড কৰি দিবলৈ কৈ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাকো কটু বাক্য শুনাই। সেই সময়ত দলীয় কৰ্মীৰ সৈতে দিলীপ শইকীয়াৰ সন্মুখত, জয়ন্ত মল্ল বৰুৱাৰ কাষত উপস্থিত আছিলয় স্বয়ং মুখ্যমন্ত্ৰী ড০ শৰ্মা।
দিলীপ শইকীয়াই ৰাজহুৱাকৈ এইদৰে এগৰাকী মণ্ডল সভাপতি আৰু নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক একাকাৰ কৰি কটু বাক্যৰে ক্ষোভ প্ৰকাশ কৰা বিষয়টো সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰিছে। বহুতেই আকৌ ইয়াত ন-পুৰণি বিজেপিৰ মাজৰ সংঘাতো দেখা পাইছে।