পৰাগ কুমাৰ দাসে থলুৱা অৰ্থনীতিক জাতীয় অৰ্থনীতিলৈ ৰূপান্তৰ কৰা বিষয়ত গুৰুত্ব দিছিল

নলবাৰী জিলাৰ নমাটি বালিকা বিদ্যামন্দিৰত সোমবাৰে নমাটি নাগৰিক সমাজৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে জাতীয় বীৰ ছহিদ পৰাগ কুমাৰ দাসৰ 'ওপজা দিন' পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
নলবাৰীত পৰাগ কুমাৰ দাসৰ জন্মদিন পালন

নলবাৰীত পৰাগ কুমাৰ দাসৰ জন্মদিন পালন

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ নমাটি বালিকা বিদ্যামন্দিৰত সোমবাৰে নমাটি নাগৰিক সমাজৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে জাতীয় বীৰ ছহিদ পৰাগ কুমাৰ দাসৰ 'ওপজা দিন' পালন কৰা হয়। এই উপলক্ষে ‘প্রগতিশীল জাতীয়তাবাদ : সংকট আৰু সম্ভাৱনা’ শীৰ্ষক আলেচনাচক্ৰ এখনৰো আয়োজন কৰা হয়। 

Advertisment

নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ধীৰেশ্বৰ পাঠকৰ সঞ্চালনত হোৱা এই আলোচনাচক্ৰখন বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড০ উৎসৱ চন্দ্র ডেকাই উদ্বোধন কৰে। অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটাপ্ৰাপক পংকজ বেজবৰুৱাই আলোচক হিচাপে ভাগ লৈ দিয়া ভাষণ প্ৰসংগত কয় যে পৰাগ কুমাৰ দাসৰ চিন্তা-চেতনা, আদৰ্শ আৰু কৰ্মত অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শ প্ৰতিফলন হৈছিল। নিৰ্ভীক, সৎ সাংবাদিক, অসমৰ ন্যায্য অধিকাৰ প্রাপ্তিৰ বাবে সংগ্রাম কৰোঁতা এইগৰাকী লোকে অসমৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ থলুৱা অৰ্থনীতিক জাতীয় অৰ্থনীতিলৈ ৰূপান্তৰ কৰা বিষয়ত অধিক গুৰুত্ব দিছিল। 

Parag Kumar Das's birthday celebrated in Nalbari
Parag Kumar Das's birthday celebrated in Nalbari

 

ইয়াৰ বাবে তেওঁ ৰাইজক সজাগ সচেতন কৰিবলৈ অহৰহ চেষ্টা কৰিছিল। মানৱ অধিকাৰৰ হকে নিৰন্তৰ কাম কৰি যোৱা, বিশিষ্ট সমাজকৰ্মী গণেশ চন্দ্ৰ গোস্বামীয়ে আলোচ্য বিষয়ত লিখিত ভাষণ পাঠ কৰে। বি এইচ বি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ফণীধৰ তালুকদাৰ আৰু বিশিষ্ট শিক্ষাব্ৰতী কুটুবুদ্দিন আহমেদেও আলোচক হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ দিয়ে। 

উল্লেখযোগ্য যে ১৯৯৬ চনৰ ১৭ মে'ত গুৱাহাটীৰ চানমাৰি-ৰাজগড় পথত দিন দুপৰতে পৰাগ কুমাৰ দাসক ঘাতকে চৰম অমানবীয় আৰু বৰ্বৰতাৰে গুলীয়াই হত্যা কৰা ২৯ বছৰ হোৱাৰ পাচতো চৰকাৰী পক্ষই এই জঘন্য হত্যাকাণ্ডত জড়িতসকলক শাস্তি প্রদানৰ বাবে যথোচিত গুৰুত্ব নিদিয়াৰ পৰিণতিত ঘাতক বাহিনীয়ে আইনী সুৰুঙাৰে সাৰি গৈ মুকলি আকাশৰ তলত দপ্‌দপাই থাকিবলৈ সক্ষম হোৱা বুলিও প্ৰতিগৰাকী আলোচকে আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত হস্তশিল্পী গোৱিন্দ চন্দ্ৰ পাঠক, দুগ্ধ পালনেৰে স্বাৱলম্বী হোৱা ৰণজিৎ ডেকা, কুকুৰা পালনেৰে স্বাৱলম্বী হোৱা সিদ্ধেশ্বৰ ডেকাক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

আনহাতে অঞ্চলটোৰ ছহিদ পৰিয়ালৰ সদস্যবৰ্গক্ৰমে প্ৰহ্লাদ চন্দ্ৰ পাঠক, সুৰথ কলিতা, লাৱণ্য পাঠক, পূৰ্ণ ঠাকুৰীয়া, মহেন্দ্ৰ কলিতাকো দিৱসৰ সৈতে সংগতি ৰাখি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পূৰ্বে পুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানত  পৰাগ কুমাৰ দাসৰ শহীদ বেদীত বন্তি জ্বলাই বানেকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৃপেন দাসে আৰু মাল্যার্পণ কৰে বিশিষ্ট অধিবক্তা গোৱিন্দ চন্দ্র নাথে। 

Parag Kumar Das's birthday celebrated in Nalbari
Parag Kumar Das's birthday celebrated in Nalbari

 

’আমাৰ অনুভৱ’ শীৰ্ষক অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ গুণমুগ্ধ, সাংবাদিক, শুভাকাংক্ষী আৰু বিভিন্ন দল-সংগঠনৰ প্রতিনিধিয়ে অংশ লৈ সমাজ উন্নয়নৰ ইতিবাচক অনুভৱ, ইতিহাস ব্যাখ্যা কৰে। ৰমনী ডেকা, ভৱেশ কলিতা, ৰবীন পাঠক, পল্লৱ তালুকদাৰ, দিলীপ হালৈ, নৃপেন কলিতা, ধীৰেশ্বৰ ডেকা, দেৱেন ডেকা, বাবুল চন্দ্র পাঠক, মোহন চন্দ্র তালুকদাৰ, ভাস্কৰ তালুকদাৰ, অনিল তালুকদাৰ, প্রদীপ কুমাৰ পাঠক, অপূর্ব ডেকা, কিশোৰ গোস্বামী, অমিয় ডেকা, অনুপম তালুকদাৰ প্ৰমুখ্যে বিশিষ্ট নাগৰিকসকলৰ উপৰি শিক্ষাৰ্থীসকলোৱেও এই অনুষ্ঠানত ভাগ লয়। 

বিদ্যালয়খনৰ শিক্ষাৰ্থী ক্ৰমে তৃষ্ণা দেৱী, জিনা কলিতা, দিশা ডেকা, কৰিষ্মিতা কলিতা, পাপৰি দাস, মধুষ্মিতা দাস, সংযুক্তা পাঠক, চয়নিকা ডেকা, প্ৰীতি ডেকা, সীমা হালৈয়ে বিশেষভাৱে সহযোগ আগবঢ়োৱা এই অনুষ্ঠানৰ পাচত সন্ধিয়া ছহিদ বেদীত বন্তি জ্বলোৱা হয়।

নলবাৰী পৰাগ কুমাৰ দাস