/asomiyapratidin/media/media_files/2025/03/19/gjopwaiqeUJkOe1jnCN6.jpg)
ডিজিটেল ডেস্ক : অহা ২১ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাঙ্গনত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ’ব ২৪ সংখ্যক শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ। বুধবাৰে হৰিমন্দিৰ প্ৰাঙ্গনত যজ্ঞ আয়োজক সমিতিৰ দ্বাৰা আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতিৰ সভাপতি তথা ৰাজ্যৰ জনস্বাস্থ্য,অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংবাদমেলত মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক বৰুৱাই যজ্ঞৰ কেউটা দিনতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰে।
/asomiyapratidin/media/media_files/2025/03/19/vL9qPjNALLQFt8vvMCjd.jpg)
মন্ত্ৰী বৰুৱাই যজ্ঞ আয়োজন সন্দৰ্ভত কয়, “অহা বছৰ আমাৰ ৰূপালী জয়ন্তী। গতিকে প্ৰাক-ৰূপালী জয়ন্তী বৰ্ষ হিচাপে কিছু নতুন ৰূপত এইবাৰৰ মহাযজ্ঞ অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছো। প্ৰথমটো দিনত অধিবাস থাকিব। দ্বিতীয়টো দিনা অৰ্থাৎ ২২ মাৰ্চত থাকিব জলাৰোহণ। এইবাৰ আমি অতিকমেও পাচ শতাধিক মহিলাৰ দ্বাৰা জলাৰোহণ কৰোৱাৰ পৰিকল্পনা হাতত লৈছো। এই জলাৰোহণৰ বাবে পাগ্লাদিয়া নৈৰ পৰা পানী অনা হ’ব।”
/asomiyapratidin/media/media_files/2025/03/19/LQZs9lTvoxv5NRIPlWDX.jpg)
উল্লেখ্য যে তৃতীয় দিনা অৰ্থাৎ ২৩ মাৰ্চত দুপৰীয়া প্ৰায় ডেৰবজাত পূৰ্ণাহুতি দিয়া হ’ব। এই পূ্ৰ্ণাহুতি অনুষ্ঠানত মন্ত্ৰীগৰাকী নিজেও উপস্থিত থকাৰ কথা সদৰী কৰে। পূৰ্ণাহুতিৰ পিছতে হ’ব সত্যনাৰায়ণ পূজাৰ আয়োজন কৰা হৈছে বুলিও জনায় মন্ত্ৰী বৰুৱাই।
ইফালে যজ্ঞ কাৰ্যসূচীত ২২ মাৰ্চত বিশিষ্ট নাগাৰা নামৰ শিল্পী বৈজয়ন্তী পাঠকে নাগাৰা নামৰ অনুষ্ঠান পৰিৱেশন কৰিব। মন্ত্ৰীগৰাকীয়ে সংবাদ মেলতে হৰিমন্দিৰৰ নিৰ্মাণ সম্পৰ্কেও সাংবাদিকক অৱগত কৰি কয় যে এইবছৰ অস্থায়ী যজ্ঞশালাতে যজ্ঞ কৰা হ’ব যদিও অহাবছৰলৈ হৰিমন্দিৰৰ স্থায়ী যজ্ঞশালা সাজু হৈ উঠিব।
/asomiyapratidin/media/media_files/2025/03/19/BcbO0itf8A68yI1NIX55.jpg)
সম্প্ৰতি ক্ষীপ্ৰতাৰে নিৰ্মানকাৰ্য চলি থকা হৰিমন্দিৰ প্ৰাঙ্গনৰ আন চাৰিটা মন্দিৰ ক্ৰমে গণেশ মন্দিৰ, হনুমান মন্দিৰ, শিৱ মন্দিৰ আৰু কালী মন্দিৰৰ কাম চলি আছে আৰু আগন্তুক ব’হাগ মাহৰ পৰাই হৰিমন্দিৰৰ সৈতে সংলগ্ন নিৰ্মীয়মান মন্দিৰবোৰত পূজা অৰ্চনা কৰিব পৰা ব্যৱস্থা হৈ উঠাৰো পোষকতা কৰে। শেহতীয়াকৈ মন্দিৰ উন্নয়ণৰ বাবে আবণ্টিত ৩ কোটি টকাৰে মন্দিৰৰ প্ৰশাসনিক ভৱন, তিনিখনকৈ তোৰণ আদিও নিৰ্মাণ শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে আজি অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে মহাবিষ্ণু যজ্ঞ সমিতিৰ সভাপতি যুগজিৎ বৰ্মন, শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতিৰ উপ-সভাপতি মদন মালাকাৰ, কোষাধ্যক্ষ মনোজ চৌধুৰীও উপস্থিত থাকে।