বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী বিনষ্ট

বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী বিনষ্ট

author-image
Asomiya Pratidin
New Update
বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী বিনষ্ট

ডিজিটেল সংবাদ, দৌলাশাল: নলবাৰী জিলাৰ মুকালমুৱাত বুধবাৰে পুৱাৰ ভাগতে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ মুকালমুৱা আৰক্ষী থানাৰ পৰা ৩০০ মিটাৰ দূৰত্বত সংঘটিত হয় অগ্নিকাণ্ডটো৷ মুকালমুৱা আদৰ্শ জাতীয় বিদ্যালয়ৰ নিচেই ওচৰতে থকা ৰিচা ইলেকট্ৰিকেলচত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷

Advertisment

পুৱা ৬ মান বজাতে ৰিচা ইলেকট্ৰিকেলচত সংঘটিত অগ্নিকাণ্ডটোত অতি কমেও ১৮ লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানখনৰ স্বত্তাধিকাৰী আতোৱাৰ ৰহমানে৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত অগ্নিকাণ্ডটোত প্ৰতিষ্ঠানখনত মজুত থকা ইনভাৰ্টাৰ চেট, বেটাৰীকে আদি কৰি বিভিন্ন ইলেকট্ৰিকেল সামগ্ৰী ভস্মীভূত হোৱাৰ লগতে বিনষ্ট হয়৷

স্থানীয় লোকে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই ব্যৰ্থ হয় যদিও পৰৱৰ্তী সময়ত মুকালমুৱা অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে আৰু বহু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে ঘন জনবসতি অঞ্চলবাসীক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰে৷

Also Read: এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণ জয়

fire