এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণ জয়

এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণ জয়

author-image
Asomiya Pratidin
New Update
এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণ জয়

ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াৰ চাংৱনত অনুষ্ঠিত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ পুৰুষৰ স্কীট টিম ইভেণ্টত ভাৰতীয় পুৰুষৰ দলে সোণৰ পদক লাভ কৰে। সোণৰ পদক লাভ কৰা দলটোত আছিল অনন্ত জীত সিং নাৰুকা, গুৰজোত খংগুৰা আৰু অংগদ বীৰ সিং বাজৱা। তিনিওজন শ্বুটাৰে মুঠ ৩৫৮ পইন্ট সংগ্ৰহ কৰি ভাৰতৰ বাবে স্বৰ্ণপদক অৰ্জন কৰে।

Advertisment

আনহাতে এই প্ৰতিযোগিতাত কোৰিয়াই দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে কাজাখাস্তানে তৃতীয় স্থান দখল কৰে।

নাৰুকা আৰু খাংগুৰাইও ব্যক্তিগত ইভেন্টতত ফাইনেলত প্ৰৱেশ কৰে যদিও পদক লাভ কৰাৰ পৰা বঞ্চিত হয়। একেদিনাই ভাৰতৰ হৈ সৰৱজোত সিং আৰু সুৰভি ৰাওৱে মুঠ ৫৮১ পইন্টছ সংগ্ৰহ কৰি যুটিয়া ইভেন্টত ৰূপৰ পদক লাভ কৰে।

Also Read: নৃশংস : ৮বাৰকৈ ট্ৰেক্টৰেৰে মহটিয়াই হত্যা কৰিলে ভাতৃক

এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপ