নাই ছাত্ৰ-ছাত্ৰীঃ বন্ধ হ'ল ১৪ খন কৈ চৰকাৰী বিদ্যালয়...

চৰকাৰী চাকৰি তথা অন্যান্য সা-সুবিধাৰ বাবে প্ৰায় সংখ্যক লোকে বহু সময়ত চৰকাৰৰ সহায় লৈ বহুতকে অপেক্ষা কৰি থকা দেখা যায় ।

author-image
Asomiya Pratidin
New Update
নাই ছাত্ৰ-ছাত্ৰীঃ বন্ধ হ'ল ১৪ খন কৈ চৰকাৰী বিদ্যালয়...

ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি তথা অন্যান্য সা-সুবিধাৰ বাবে প্ৰায় সংখ্যক লোকে বহু সময়ত চৰকাৰৰ সহায় লৈ বহুতকে অপেক্ষা কৰি থকা দেখা যায় । কিন্তু অন্যান্য সা-সুবিধাৰ বাবে চৰকাৰী পক্ষ লৈ আশা পালি থাকিলেও বহু অভিভাৱকে কিন্তু চৰকাৰী বিদ্যালয়ত নামভৰ্টি কৰাব নোখোজে নিজৰ সন্তানটিক । ফলত হ্ৰাস পাইছে চৰকাৰী বিদ্যালয়ত অধ্যায়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা । যাৰ বাবে ৰাজ্যৰ এখন জিলাৰ ১৪ খন কৈ বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰদান কৰিলে ৰাজ্যৰ চৰকাৰৰ শিক্ষা সঞ্চালকে । এই খবৰে স্বাভিৱকতে আশাহত কৰিছে সচেতন মহলক ।

Advertisment

ছাত্ৰ-ছাত্ৰী কম থকাৰ অজুহাতত নলবাৰী জিলাৰ বহু কেইখন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে । উল্লেখ্য যে, ৭ জুলাইতে অসম চৰকাৰৰ শিক্ষা সঞ্চালকে এই নিৰ্দেশনা প্ৰদান কৰিছিল । শিক্ষা সঞ্চালকৰ নিৰ্দেশনাৰ পিছতেই জিলাখনৰ শিক্ষা বিভাগে বিদ্যালয়সমূহ বন্ধৰ নিৰ্দেশ জাৰি কৰিছিল ।

বন্ধ ঘোষিত বিদ্যালয় কেইখন হৈছে বৰনৰ্দ্দী আদৰ্শ প্রাথমিক বিদ্যালয়, বিহামপুৰ এল পি স্কুল, চকীৰহাট হামলাকুৰা এল পি স্কুল, অকনা এল পি স্কুল, নলবাৰী বৰভাগ এল পি স্কুল, জুগুৰকুছি-শ্ৰীপুৰ এল পি স্কুল, ভিঠা এল পি স্কুল, উলাবড়ী বালিকা এল পি স্কুল, কমাৰকুছি এল পি স্কুল, হাৰিভাঙা গোপালথান এল পি স্কুল, চাননৈপাৰা এল পি স্কুলমধ্য হাৰিভাঙা এল পি স্কুল, কৃষ্ণগুৰু বিদ্যাজ্যোতি এল পি স্কুল, আনখন বিদ্যালয় নমাটি এল পি স্কুল । বন্ধ ঘোষিত বিদ্যালয় কেইখনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক অন্য বিদ্যালয়ত চামিল কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে শিক্ষা বিভাগে ।

Also Read: ভাৰত-ভূটান সীমান্তত বিদেশী সুৰাসহ বাহন জব্দঃ আটক এজনক...

government school schools closed