ভাৰত-ভূটান সীমান্তত বিদেশী সুৰাসহ বাহন জব্দঃ আটক এজনক...

ভাৰত-ভূটান সীমান্তত বিদেশী সুৰাসহ বাহন জব্দঃ আটক এজনক...

ডিজিটেল সংবাদ, তামুলপুৰঃ ভাৰত-ভূটান সীমান্তৰ দৰংগামেলাত এছ এছ বি (২৪ নং বেটেলিয়ন কোঃ) সহযোগত বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় । অভিযান চলাই এজন লোকক আটক কৰাৰ লগতে সীমান্তৰ দৰংগামেলাৰ এন কে ৰোডত আবকাৰী বিভাগে এখন অবৈধ সুৰা কঢ়িওৱা বাহনসহ ভূটানত তৈয়াৰী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত বাহন খন হৈছে নং এছ - ০৬ - বি - ৪৬৭৩ ৷

ইপিনে জব্দকৃত সুৰাৰ বজাৰ মূল্য হ’ব প্ৰায় ১০ হেজাৰ টকা ৷ অভিযানকালত ভূটানত তৈয়াৰী সুৰা খিনি কঢ়িয়াই অনা হাতীডুবাৰ ৰতন বৰ্মন (৩৩) নামৰ এজন লোকক আটক কৰে আবকাৰীয়ে ৷ তামুলপুৰত আজি কিছুদিন ধৰি অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে চলাই আহিছে অভিযান ৷

এছ এছ বিৰ সহযোগত ভাৰপ্ৰাপ্ত আবকাৰী বিষয়া বাবুল বৈশ্য আৰু বাক্সা জিলা আবকাৰী অধীক্ষকৰ সঞ্জীৱ শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান ৷ আবকাৰী আইনৰ অধীনত আটকাধীন লোক জনৰ লগতে বাহন খন তামুলপুৰ আৰক্ষীক চমজাই দিব বিভাগটোৱে ৷

ভাৰত-ভূটান সীমান্তত বিদেশী সুৰাসহ বাহন জব্দঃ আটক এজনক...
" কংগ্ৰেছৰ বাবে গান্ধী পৰিয়ালহে মুখ্যঃ দেশ, জনসাধাৰণ একেবাৰেই গৌণ"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in