নগাঁও কলেজ (অট’মাচ)ত ২০২৩-২৪ শিক্ষা বৰ্ষৰ পৰা চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম

প্ৰয়োজনীয় তথ্য নগাঁও কলেজৰ ৱেবচাইট www.nowgongcollege.edu.in ত আৰু NTA ৰ ৱেবছাইটত উপলব্ধ

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজ (অট’মাচ)ত ২০২৩-২৪ শিক্ষা বৰ্ষৰ পৰা চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম

ডিজিটেল সংবাদ, বেবেজীয়াঃ আগন্তুক শিক্ষাবৰ্ষ ২০২৩-২৪ চনৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নগাঁও কলেজত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ আধাৰত প্ৰস্তুত কৰা এই পাঠ্যক্ৰমৰ লগতে সংশ্লিষ্ট ক্ৰেডিট পদ্ধতিও সন্নিৱিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে।

Advertisment

নগাঁও কলেজত শিক্ষাবৰ্ষ ২০২৩-২৪ ৰ পৰা আৰম্ভ হ’বলগীয়া এই ৪ বছৰীয়া পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট (CUET) ৰ ভিত্তিত প্ৰস্তুত কৰা মেধাৰ তালিকা অনুসৰি হ’ব বুলি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে যোৱা ২৭ জানুৱাৰীত জাৰি কৰা এক জাননী অনুসৰি ঘোষণা কৰা হৈছে। তদুপৰি উল্লেখ কৰা হৈছে যে এই প্ৰৱেশ পৰীক্ষা নেচনেল টেষ্টিং এজেন্সিয়ে পৰিচালনা কৰিব।

এই পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া cuet.Samarth.ac.in ৱেবছাইটযোগে আৰম্ভ হৈছে। উক্ত পৰীক্ষাৰ বাবে বিষয় বাছনি আৰু পাঠ্যক্ৰমৰ সবিশেষ সন্দৰ্ভত প্ৰয়োজনীয় তথ্য নগাঁও কলেজৰ ৱেবচাইট www.nowgongcollege.edu.in ত আৰু NTA ৰ ৱেবছাইটত উপলব্ধ বুলি কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই জানিবলৈ দিয়ে। এই প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়নৰ সময় ৩০ মাৰ্চলৈ বৃদ্ধি কৰিছে আৰু অসমীয়া ভাষাত পৰীক্ষা দিব পাৰিব বুলি কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে জনায়।

Also Read: লণ্ডনত সত্ৰীয়া সংস্কৃতি প্ৰসাৰ আৰু প্ৰদৰ্শন দীপজ্যোতি-দীপাংকৰৰ...

nagaon college education department of assam