/asomiyapratidin/media/media_files/2025/05/23/XKMVRHkmOSORWUJLaWzq.jpg)
ডিজিটেল সংবাদ, হাজো : ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে। এইবাৰ হাজোৰ একাদিৰ নিজ গৃহৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে এগৰাকী বোৱাৰী।
জ্যোৎস্না বেগম নামৰ মহিলাগৰাকী ৰহস্যজনকভাৱে ঘৰৰ পৰা নিৰুদ্দেশ হয়। স্বামী নথকাৰ সময়ত ঘৰৰ পৰা বোৱাৰীগৰাকীয়ে নগদ ধন লৈ ঘৰৰ পৰা নিৰুদ্দেশ হয়।
উল্লেখযোগ্য যে, বিগত তিনি দিন ধৰি বোৱাৰীগৰাকীক যোগাযোগ কৰি আছে যদিও মোবাইল বন্ধ হৈ আছে। ইতিমধ্যে দুৰ্ভগীয়া স্বামীয়ে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে বোৱাৰীগৰাকীৰ সম্ভেদ পালে ৬০০১২ ৬৯৫৪১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।