/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/30d95521-8241-4c76-a852-61b3f1e8faa6/AP_FOR_WEB_new_satriya.jpg)
লণ্ডনত সত্ৰীয়া সংস্কৃতি প্ৰসাৰ আৰু প্ৰদৰ্শন দীপজ্যোতি-দীপাংকৰৰ...
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ ওস্তাদ বিছমিল্লা খান যুৱ বঁটাৰে সন্মানিত সত্ৰীয়া নৃত্য শিল্পী দীপজ্যোতি-দীপাংকৰ ইংলেণ্ডত সমাদৃত হৈছে। প্ৰায় এমাহ জোৰা কাৰ্যসূচীৰে দুয়োগৰাকীয়ে ইংলেণ্ডৰ বিভিন্ন ঠাইত কৰ্মশালা আৰু অনুষ্ঠান পৰিবেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
দীপজ্যোতি-দীপাংকৰৰ ছাত্ৰী চীনু কিশোৰৰ আমন্ত্ৰণ মৰ্মে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে বাৰ্মিংঘামত (Consulate General of India Birmingham) প্ৰথমটো অনুষ্ঠান পৰিবেশন কৰে । "নৃত্য নিৰ্মালি" নামাকৰনেৰে দ্বিতীয়টো অনুষ্ঠান পৰিবেশন কৰে হায়েছ নামৰ ঠাইত থকা নৱনাট চেন্টাৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a48cdc06-3d34-4a17-8313-f1009607d039/d505131a_4e2b_4234_9a92_87dcffa8b728.jpg)
উল্লেখযোগ্য যে, দীপজ্যোতি-দীপাংকৰৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শনত আপ্লুত হৈ সকলো দৰ্শকে থিয় হৈ সন্মান জনোৱাৰ লগতে দীপজ্যোতি-দীপাংকৰক ভূয়সী প্ৰশংসা কৰে।
২৬ ফেব্ৰুৱাৰী তাৰিখে কৰ্মশালা আৰু অনুষ্ঠান পৰিবেশন কৰে এচেকছ (Essex) নামৰ ঠাইখিনিত। তাত থকা ভাৰতীয় সকলে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত সত্ৰীয়া নৃত্যৰ কৰ্মশালা আৰু দশৱতাৰ নৃত্য পৰিবেশন কৰি সত্ৰীয়া নৃত্যৰ বিষয়ত প্ৰদৰ্শন মূলক বক্তৃতা প্ৰদান কৰে।
২ মাৰ্চত লণ্ডনৰ The High Commission of India ৰ অতি মৰ্যদাপূৰ্ণ নেহৰু চেন্টাৰত অনুষ্ঠান পৰিবেশন কৰে দীপজ্যোতি - দীপাংকৰে। বিভিন্ন বিদেশী দৰ্শকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছিল। প্ৰতিজন দৰ্শকে দুয়োগৰাকী শিল্পীক যথেষ্ঠ প্ৰশংসা কৰে আৰু প্ৰায় একঘণ্টা সময় দৰ্শকৰ সৈতে সত্ৰীয়া নৃত্যৰ বিষয়ে মতবিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/2290d180-0f9e-4b06-86f2-e83a9cf531bd/d838159f_5a9c_47a0_93d6_d70c89a5b087.jpg)
অনুষ্ঠানত দীপজ্যোতি-দীপাংকৰৰ ছাত্ৰী চিনো কিশোৰৰ লগতে দেৱৰচনা , পৰিণীতা, পল্লবী, জুনমণি , মধুস্মিতা আৰু অনাহিতাই নৃত্য প্ৰদৰ্শন কৰে। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ বাবে এক আদৰ্শ স্বৰূপ হৈছে দীপজ্যোতি-দীপাংকৰ ।
কেৱল মহাপুৰুষ গুৰু দুজনাৰ সংস্কৃতিৰ সৈতে নিজৰ জীৱন উৎসৰ্গা কৰিছে এই দুগৰাকী নৃত্য শিল্পীয়ে । সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে দীপজ্যোতি দীপাংকৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/3f4414fe-c460-46af-bf58-653175deedf3/f6bd053a_28db_4e52_8df0_7acea6014128.jpg)
গুৱাহাটীৰ বেলতলাত মনিকাঞ্চন কলা মঞ্জৰী নামেৰে ২০০৮ বৰ্ষতে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছে আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি প্ৰসংশিত হৈছে । দীপজ্যোতি-দীপাংকৰৰ এই প্ৰচেষ্টা অব্যাহত থাকক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/318abe88-0fd0-4eac-9818-211a4daa1e1f/49fe310b_3296_4836_813f_1a459e996eab.jpg)
Also Read: বাঘ খেদিবলৈ গৈ বিফল বন বিভাগ ! সকলোৰে চকুত ধৰা দিয়া বাঘটো হঠাৎ হ'ল অন্তৰ্ধান....