বতৰৰ পৰিৱৰ্তনঃ পথাৰত মেলিছে চিৰাল ফাট, চিন্তিত কৃষক...

প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য। সূৰ্য্যৰ প্ৰখৰ ৰদত চিৰাল ফাট দিছে ৰাজ্যৰ খেতিপথাৰ।

author-image
Asomiya Pratidin
New Update
বতৰৰ পৰিৱৰ্তনঃ পথাৰত মেলিছে চিৰাল ফাট, চিন্তিত কৃষক...

ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য। প্ৰখৰ ৰ'দত চিৰাল ফাট দিছে ৰাজ্যৰ খেতিপথাৰ। অসমৰ অন্যান্য প্ৰান্তৰ কৃষকৰ লগতে জামুগুৰিহাটৰ কৃষকৰ মাজতো এতিয়া হাহাকাৰ পৰিস্থিতি ।

Advertisment

পানীৰ অভাৱত কঠীয়া পাৰিব পৰা নাই কৃষক ৰাইজে । যি দুই এজন কৃষকে টেংকিত পানী কঢ়িয়াই কঠীয়া পাৰিছিল সেই কঠীয়াও এতিয়া পানীৰ অভাৱত মৰহিবলৈ ধৰিছে।

কৃষকৰ এই দুৰৱস্থাৰ সময়ত অঞ্চলটোত থকা অসমৰ অন্যতম সৰ্ববৃহৎ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পও জামুগুৰিহাটৰ কৃষক ৰাইজক পথাৰত পানী যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । বৃহত্তৰ নদুৱাৰ অঞ্চলৰ কৃষক ৰাইজৰ সুবিধাৰ্থে অঞ্চলটোৰ উত্তৰাঞ্চলৰ অসম-অৰুণাচল সীমান্তৰ চিজুচাৰ বৰদিকৰাই নদীত সত্তৰৰ দশকতে বৰদিকৰাই জলসিঞ্চন প্ৰকল্প স্থাপন কৰা হৈছিল যদিও এই প্ৰকল্পই কৃষক ৰাইজৰ দুৰ্যোগৰ সময়ত পানী যোগান ধৰিব পৰা নাই ।

স্থানীয় ৰাইজৰ অভিযোগ বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ ৰাইজৰ খেতিপথাৰৰ মাজেদি যোৱা বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ বৃহৎ বৃহৎ নলা সমূহ এতিয়া হাবি জংঘলৰে ভৰি পৰিছে । খৰাং বতৰত কৃষকক পানী যোগান ধৰিব নোৱাৰা বৰদিকৰাই জলসিঞ্চন প্ৰকল্পই যেতিয়া খেতিপথাৰ বৰষুণৰ পানীৰে ওপচি থাকে তেতিয়া পানী এৰি দি কৃষকক হাৰা শাস্তি দিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Also Read: বিদ্যুতৰ বিল বঢ়া নাইঃ শক্তিমন্ত্ৰী নন্দিতা গোৰ্লোছা

weather change
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰগুৰু গ্ৰাম্য পুথিভঁৰাল পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠান

বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰগুৰু গ্ৰাম্য পুথিভঁৰাল পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠান শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব। বটদ্ৰৱা বৰহিছা মুকলি মঞ্চত

author-image
Asomiya Pratidin
New Update
ত্ৰিবাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰগুৰু গ্ৰাম্য পুথিভঁৰাল পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠান শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব। বটদ্ৰৱা বৰহিছা মুকলি মঞ্চত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী অনুসৰি বিয়লি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব।

Advertisment

একেদৰে সম্পাদকীয় প্ৰতিবেদন, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন, পুৰণি সমিতিৰ পদত্যাগ আৰু নতুন সমিতি গঠন আদি কাৰ্য্যসূচীৰে সাধাৰণ সভা অনুষ্ঠিত হ’ব। ইয়াৰ পিছত বিয়লি ৪-০০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, বঁটা বিতৰণী অনুষ্ঠান আদিৰ পাছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। 

আনহাতে শনিবাৰে তথা ২৪ মে'ৰ দিনা বিয়লি ৫ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব দিব্যজ্যোতি বৰুৱাই। নিশা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পীৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। 

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰগুৰু গ্ৰাম্য পুথিভঁৰাল পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে সম্পাদক নিপুমনি দেৱ গোস্বামীয়ে।

batadraba
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক

নগাঁৱত ত্ৰিৰংগা যাত্ৰা : সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে দেশৰ বীৰ সৈনিকলৈ কৃতজ্ঞতা

তিনিওটা বিভাগৰে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন আৰু কৃতজ্ঞতা জনোবাৰ উদেশ্যে বৃহস্পতিবাৰে নগাঁৱত এক ত্ৰিৰংগা যাত্ৰা সম্পন্ন হয় ৷ নগাঁৱৰ সাধাৰণ ৰাইজৰ হাতে হাতে ভাৰত ...

author-image
Asomiya Pratidin
New Update
ত্ৰিৰংগা যাত্ৰা

ডিজিটেল সংবাদ, বেবেজীয়া : তিনিওটা বিভাগৰে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন আৰু কৃতজ্ঞতা জনোবাৰ উদেশ্যে বৃহস্পতিবাৰে নগাঁৱত এক ত্ৰিৰংগা যাত্ৰা সম্পন্ন হয় ৷ নগাঁৱৰ সাধাৰণ ৰাইজৰ হাতে হাতে ভাৰতৰ স্বাভিমান জাতীয় পতাকা লৈ ওলাই আহিল সহস্ৰাধিক জনতা আৰু মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল ৷ 

Advertisment

তেওঁলোকে একে মুখে ৰাজপথত জয়ধ্বনি দি কয়- "ভাৰত মাতা কি জয়৷" নগাঁৱৰ নেহেৰুবালি খেলপথাৰৰ পৰা পদযাত্ৰাৰে বাহিৰ হোৱা এই যাত্ৰাত সৰ্ব্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সংগ দিয়ে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বিজেপি জিলা সভাপতি ৰঞ্জিত কুমাৰ বৰদলৈ, সাধাৰণ সম্পাদক নৱজ্যোতি বৰুৱা, প্ৰতিষ্ঠিত ব্যৱসায়ী কাৰ্তিক সাহা, নগাঁৱৰ পৌৰ আয়ুক্তসকলে। 

উল্লেখযোগ্য যে, জিলা বিজেপিৰ বহুকেইগৰাকী বিষয়ববীয়া, মহিলা মৰ্চাৰ বিষয়ববীয়াৰ লগতে নগাঁৱৰ ব্যৱসায়ী তথা অন্যান্য সামাজিক-সাংস্কৃতিকসংগঠনৰ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷

bebejiya
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক

ভাল খবৰ : বকুলগুৰী এলেকাত হ্ৰাস পাইছে কপিলীৰ জলপৃষ্ঠ

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৭ খন গেটেৰে পানী বৈ অহাত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত মধ্য অসমৰ হোজাই, কামপুৰৰ কপিলীপৰীয়া ৰাইজৰ মাজত হাহাকাৰময় পৰিবেশৰ

author-image
Asomiya Pratidin
New Update
কপিলীৰ জলপৃষ্ঠ

কপিলীৰ জলপৃষ্ঠ

ডিজিটেল সংবাদ, কামপুৰ : ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ খান্দং বান্ধৰ ৭টা গেট খুলি দিয়াৰ ফলত মঙলবাৰৰ নিশাৰ পৰা নগাঁও আৰু মৰিগাঁও জিলাৰ মাজেৰে বৈ যোৱা কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি হৈছিল। কিন্তু এতিয়া কামপুৰৰ বকুলগুৰী এলেকাত কপিলীৰ পানী কমিবলৈ ধৰা বুলি স্থানীয়লোকে মন্তব্য কৰিছে। 

Advertisment

উল্লেখ্য যে ডিমা হাচাওৰ খান্দঙ বান্ধ, কপিলী হাইড্ৰপাৱাৰ ষ্টেচনৰ ৰিজাৰ্ভাৰত পানীৰ উচ্চতা বৃদ্ধি হোৱাত এই গেট কেইখন খুলি দিয়া হৈছিল বুলি জানিব পৰা গৈছে। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৭ খন গেটেৰে পানী বৈ অহাত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত মধ্য অসমৰ হোজাই, কামপুৰৰ কপিলীপৰীয়া ৰাইজৰ মাজত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছিল। কিন্তু বুধবাৰৰ সন্ধিয়াৰ ভাগৰ পৰা কপিলীৰ গতিবেগ কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰে আৰু বৃহস্পতিবাৰে দিনৰ ১২ বজাৰ পিছত কিছু পৰিমানে কমা বুলি জানিব পৰা গৈছে।

Kapili river
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক

দুষ্টচক্ৰৰ বিষাক্ত কীটনাশক প্ৰয়োগৰ ফলত কেইবাটিও গোধনে হেৰুৱালে প্ৰাণ...

জাজৰিৰ ৰহঢলাত ভয়ংকৰ ঘটনা। দুষ্টচক্ৰৰ বিষাক্ত কীটনাশক প্ৰয়োগৰ ফলত কেইবাটিও গোধনৰ মৃত্যু। মীণ পালনৰ নামত অনা অসমীয়াৰ দপদপনিত, শংকিত খিলঞ্জীয়া কৃষক।

author-image
Asomiya Pratidin
New Update
দুষ্টচক্ৰৰ বিষাক্ত কীটনাশক প্ৰয়োগৰ ফলত কেইবাটিও গোধনে হেৰুৱালে প্ৰাণ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জাজৰিৰ ৰহঢলাত ভয়ংকৰ ঘটনা। দুষ্টচক্ৰৰ বিষাক্ত কীটনাশক প্ৰয়োগৰ ফলত কেইবাটিও গোধনৰ মৃত্যু। মীণ পালনৰ নামত অনা অসমীয়াৰ দপদপনিত, শংকিত খিলঞ্জীয়া কৃষক।

Advertisment

নগাঁৱৰ জাজৰিৰ ৰহঢলাত খিলঞ্জীয়া বসতি প্ৰধান অঞ্চলত চলিছে অনা অসমীয়াৰ আগ্ৰাসন। পুখুৰী পাৰত মীনপালনৰ গইনা লৈ বিষাক্ত কীটনাশক প্ৰয়োগৰ ফলত মৃত্যু হৈছে কেইবাটাও গোধনৰ। 

উল্লেখ্য, ৰহঢলা গাঁৱৰ ৰাইজৰ গো চৰণীয়া পথাৰত বিগত কিছুবছৰ ধৰি "অংকুৰ মীণ পালন" নামৰ এটি প্ৰকল্প আৰম্ভ হৈছিল। উক্ত প্ৰকল্পতে নিয়োজিত কেইজনমান অনা অসমীয়াই এতিয়া চলাইছে সন্ত্ৰাস।

শেহতীয়াকৈ বিষাক্ত কীটনাশক প্ৰয়োগৰ ফলত দুখীয়া কৃষকৰ গোধনৰ মৃত্যু হৈছে। উল্লেখ্য যে, বছৰ বছৰ ধৰি গঞা ৰাইজৰ গো চৰণীয়া পথাৰখনত শেহতীয়াকৈ অনা অসমীয়া লোকে কোনো ধৰণৰ জাননী নিদিয়াকৈ, তথা বেৰ নিদিয়াকৈ কীটনাশক ব্যৱহাৰ কৰিছে।

স্থানীয় ৰাইজে কেতিয়াও ব্যৱহাৰ নকৰা এনে কীটনাশকৰ সন্দৰ্ভত আগতীয়াকৈ অৱগত নকৰাৰ ফলতেই এইদৰে গোধনৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে। ঘটনাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে  আতংকৰো। 

ইফালে উক্ত অংকুৰ মীণ পালন প্ৰকল্পৰ আঁৰত হৰেণ বৰা আৰু পুলিন বৰদলৈ নামৰ দুগৰাকী স্থানীয় ব্যক্তি জড়িত আছে বুলি জানিব পৰা গৈছে। এই শোকাৱহ ঘটনা সংক্ৰান্তত জাজৰি আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ।

বটদ্ৰৱা
News Hub