/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/35b51548-2ee9-4eb4-85a9-d0dcb8a83f87/Ajanta.jpg)
ডিজিটেল সংবাদ. গোলাঘাট : "প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষত কৃষি আৰু আনুসংগিক ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। একেদৰে অসম চৰকাৰে কৃষি অৰ্থনীতি শক্তিশালী কৰিবৰ বাবে বিভিন্ন মাধ্যমেৰে জনসাধাৰণক সজাগ কৰিছে। কৃষি ক্ষেত্ৰত নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা প্ৰয়োজন।"-এই মন্তব্য অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/38000ba0-f292-4d98-af45-e00334904aa6/998bfa3d_247a_4bbc_8db7_14daf1a66a10.jpg)
গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক ৰাইজৰ বাবে বিভিন্ন সামগ্ৰী বিতৰণৰ এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ বিত্ত মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ীকা অজন্তা নেওগে নিজা বক্তব্যত কৃষি ক্ষেত্ৰত গোলাঘাট অসমৰ ভিতৰত যাতে এখন জাকত জিলিকা জিলা হৈ পৰে তাৰ বাবে বিশেষ প্ৰচেষ্টা ল'বলৈ উপস্থিত কৃষক ৰাইজক আহ্বান জনায়৷ তদুপৰি কৃষি ক্ষেত্ৰত নতুন প্ৰযুক্তি সমূহৰ ব্যৱহাৰ সন্দৰ্ভত উন্নয়ন খণ্ড সমূহত বিশেষজ্ঞৰ জৰিয়তে প্ৰশিক্ষণ দিয়াৰ বাবেও কৃষি বিষয়াসকলক আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/837a2727-d071-470c-b842-583bdfb91579/967cd15b_704f_4fc5_ba86_5c03e13e7eed.jpg)
পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই ৷ সহকাৰী ৰসায়নবিদ ৰঞ্জন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত প্ৰায় শতাধিক কৃষক উপস্থিত থাকে। তদুপৰি সভাখনত সহকাৰী কৃষি সঞ্চালক অনুপম গগৈ, কৃষ্ণ ৰঞ্জন শইকীয়াকে ধৰি কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c0b60564-2226-4b68-b698-026de9033f8d/51450cf1_323a_41af_94f6_3b253556e61e.jpg)
ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, উত্তৰ পূব হিমালয় খণ্ডৰ বাবে উদ্যান শস্য অভিযান, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান আঁচনিৰ অধীনত অনুষ্ঠানটিত জিলাখনৰ কৃষকৰ বাবে বিভিন্ন কৃষি সা-সঁজুলি বিতৰণ কৰে। দেওবাৰৰ উক্ত কাৰ্যসূচীত ৰাজসাহাৰ্য যুক্ত দুখন পাৱাৰ টিলাৰ, চাৰিখন ট্ৰাই চাইকেল, দুটা শক্তি চালিত নিয়নী যন্ত্ৰ, চাৰিটা খেৰকটা যন্ত্ৰ, পাঁচটা শস্য চপোৱা যন্ত্ৰ, এটা সৌৰ শক্তি চালিত শুকুৱা মেচিন হিতাধিকাৰিসকলৰ মাজত বিতৰণ কৰে। তদুপৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ৮টা মচলা আৰু পিঠা খুন্দা যন্ত্ৰ বিতৰণ কৰা হয় ৷
Also Read: পুনৰ দুৰ্ঘটনাত পতিত মন্ত্ৰীৰ কনভয়; আহত...