/asomiyapratidin/media/media_files/2025/05/29/VAqpGQtcN04aG0NfYpxg.jpg)
ডিজিটেল সংবাদ কাজিৰঙাঃ বৃহস্পতিবাৰে কাজিৰঙাৰ দাঁতি কাষৰীয়া এক অঞ্চলত এজন লোক সন্ধানহীন হোৱাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া ডুমজানৰ মৰা ডিফলুৰ পানীত পৰে এজন লোক।
জানিব পৰা মতে উক্ত লোকজনে মৰা ডিফলুত মাছ ধৰিবলৈ গৈছিল। সন্ধানহীন ব্যক্তিগৰাকীৰ নাম মদন মুড়া। ৪৯ বৰ্ষীয় এই লোকজন পানীত পৰি সন্ধানহীন হোৱাৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতেই তেওঁৰ সন্ধানত অভিযান চলিছে যদিও এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই।