/asomiyapratidin/media/media_files/2025/05/29/X3AGuHwBmL2qYGupOHh2.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ অসমৰ অন্যতম বেচৰকাৰী তথা স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’ৰ উদ্যোগত আয়োজন কৰা সপ্তম সংখ্যক ধঁপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতাৰ কাৰ্যসূচী হিচাপে আজি বাটৰ নাট সম্পন্ন কৰা হয়৷ পুৱা ১১.৩০ বজাত ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত অনুষ্ঠিত কৰা এই বাটৰ নাটৰ অন্যতম আকৰ্ষণ আছিল যমদূত৷
শতাধিক পথাচাৰী তথা দৰ্শকৰ আগত অনুষ্ঠিত কৰা এই ধঁপাত বিৰোধী বাটৰ নাটখনে সকলোকে আকৰ্ষণ কৰা পৰিলক্ষিত হয়। যাৰ বাবে নাটক সমাপন হোৱাৰ পাছতো বহু লোকে কলা-কুশলী আৰু পথিকৰ সদস্যৰ কাষ চাপি কৰ্কট ৰোগ সম্বন্ধে সোধা-পোচা কৰা দেখা যায়৷
উল্লেখ্য যে, সপ্তম সংখ্যক ধঁপাত বিৰোধী সজাগতাৰ এইবাৰৰ কাৰ্যসূচীত ইতিমধ্যে চাইক্লাথন, ৱৰ্কচপ , ক’ৰপ’ৰেট ৱৰ্কাছ চেনচিটাইজেশ্যন আদি সম্পন্ন হৈছে৷ এই সপ্তম ধঁপাত বিৰোধী কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ ৰাজ্যিক পৰ্যায়ৰ প্ৰাইজমণি চিত্ৰাংকন প্ৰতিযোগিতা অহা ১ জুনত কলাক্ষেত্ৰৰ বাকৰিত সপ্তম বাৰৰ বাবে চাৰিটা শাখাত পুৱা ১০:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷
পথিকে বিগত ২১ বছৰ ধৰি বিভিন্ন মাধ্যমেৰে জনসাধাৰণৰ মাজত কৰ্কট ৰোগৰ বিভীষিকাময় পৰিবেশ, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ হেতুকে অহৰহ সজাগতা কৰি আহিছে৷ পৰিতাপৰ বিষয় যে বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত ধঁপাত জাতীয় সামগ্ৰী যেনে, গুটখা, পাণ মছলা, চিগাৰেট, হুক্কা আদিৰ প্ৰাৰ্দূভাৱ ইমান ভয়ানক ভাৱে বৃদ্ধি পাইছে যে বিগত সময়তকৈ কৰ্কট ৰোগীৰ সংখ্যা দুখজনক ভাৱে বাঢ়িব ধৰিছে৷
সেয়ে, শিশুৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ¸ লোকক চুব পৰাকৈ পথিকে বিভিন্ন মাধ্যম লৈ ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি আহিছে৷ পথিকৰ এই ধঁপাত বিৰোধী কাৰ্যসূচীসমূহত আপুনিও অংশ গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে ৯৯৫৭৯-১৫০৮২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ তেওঁলোকৰ উদ্দেশ্য মাত্ৰ এটাই- ‘আমাক এখন ধঁপাত মুক্ত কৰ্কট মুক্ত পৃথিৱী লাগে’।