/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6702c99e-cab7-4b68-8df8-3e8df36aa9b5/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ গোৱালপাৰাৰ লক্ষীপুৰ খণ্ড বিষয়াৰ কাৰ্য্যালয়ৰ প্ৰাংগনত শুকুৰবাৰে অনুষ্ঠিত হয় কৃষি মেলা। সংকল্প সপ্তাহ পালন কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই মেলাখনি জিলা কৃষি কাৰ্যালয়ে আই টি চি 'সুনহেৰা কাল'ৰ সহযোগত পালন কৰে। মেলাত লক্ষীপুৰ, জলেশ্বৰ আৰু চুনাৰী চক্ৰৰ কৃষকসকলে বিভিন্ন কৃষি সামগ্ৰী প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7bc6ccfe-d541-4ba5-af78-04190db058ea/ec3fabc8_3008_43ba_8836_fc9b76a30bd7.jpg)
উল্লেখ্য যে, খণ্ড পৰ্যায়ৰ কৃষি উন্নত কৰা, নাগৰিকসকলৰ জীৱনৰ মানদণ্ড বৃদ্ধি কৰা আদিৰ উদ্দেশ্যৰে পালন কৰা হয় কাৰ্যসূচী। এই আঁচনিখন সমগ্ৰ দেশৰ ৩২৯খন জিলাৰ ৫০০টা খণ্ডত ৰূপায়ণ কৰা হৈছে। আৰু গোৱালপাৰা জিলাৰ বাবে লক্ষীপুৰ খণ্ড বাছনি কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5ff3c7d4-a9e8-4005-9e22-38d92d90a505/76e64e56_0939_45d8_a8f1_963750f668b3.jpg)
এই মেলাখন উদ্বোধন কৰে এছ.ডি.এ.অ'ৰ চামছুল হকে । মেলাখনিত ডিএঅ' বুধেশ্বৰ দাস, এছডিএঅ' বাগাৰাম বড়ো, চুনাৰী আৰু জলেশ্বৰৰ এডিঅ' দেৱাশীষ ডেকা আদিৰ লগতে লখিপুৰৰ এডিঅ' জৱনিকা হাজৰিকা, বৰদমলৰ এডিঅ' সাক্ষী সিনহা, এছডিঅ' দেবাশীষ নাথকে আদি কৰি অন্যান্য বিষয়া, কৰ্মচাৰী আৰু জিলা কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/edccfb42-078f-4185-b255-fbcb43f57dfe/5ad94713_c498_4a79_85b4_f8f833641766.jpg)
Also Read: ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খণ্ড শিক্ষাবিষয়া