/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
ডিজিটেল সংবাদ, গোৱালপাৰা : গোৱালপাৰাত মৌলবাদীৰ বিৰুদ্ধে 'নিয়া'ই চলাইছে বৃহৎ অভিযান। গোৱালপাৰা আৰক্ষীৰ সহযোগত শুক্ৰবাৰে নিশাৰে পৰা চলোৱা এই অভিযানত বৰ্তমানলৈকে জঈছ- ঈ- মহম্মদৰে জড়িত থকাৰ সন্দেহত ৭ গৰাকী লোকক 'নিয়া'ই বিভিন্ন স্থানৰ পৰা আটক কৰিছে ।
দীৰ্ঘদিন ধৰি গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত 'জঈছ- ঈ- মহম্মদ' নামৰ মৌলবাদী গোটৰ হৈ কাম কৰি আহিছে একাংশ লোকে । মোলবাদীৰ বিৰুদ্ধে বৰ্তমানলৈকে জিলাখনৰ বিভিন্ন গোপন স্থানত নিয়াই অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।
জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্ত তথা গোৱালপাৰা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে অভিযানকাৰী নিয়াৰ দৰটোক পূৰ্ণাংগ সহযোগ চলাই আছে।বৰ্তমানলৈকে নিয়া তথা জিলা আৰক্ষী প্ৰশাসনে আনুষ্ঠানিকভাৱে এই অভিযানৰ বিতং তথ্য সদৰী কৰা নাই।
আটক কৰা সন্দেহযুক্ত মৌলবাদী লোকসকলক সোধা-পোচাৰ অন্তত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। সন্ধিয়াৰ ভাগত আৰু অধিক মৌলবাদীক আটক হোৱাৰ সম্ভাৱনা আছে ।