ডিজিটেল সংবাদ,গোৱালপাৰাঃ আগিয়াত চিত্ৰকলা অধ্যয়ণ আৰু গৱেষণা কেন্দ্ৰ এথনিক আৰ্টিষ্ট চ'ছাইটি, আসামৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে এথনিক আৰ্টিষ্ট এচেমবল,২০২৫ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আগিয়াৰ ৰোখাপাৰাস্থিত সংস্থাটোৰ প্ৰধান কাৰ্যালয়ত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
১ ফ্ৰেব্ৰুৱাৰী পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া চিত্ৰাংকন প্ৰতিযোগিতাখন তিনিটা দলত ভাগ কৰা হৈছে। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ "ক" শাখাৰ প্ৰতিযোগীৰ বাবে কোনো বিষয়বস্তু ৰখা নাই যদিও "খ" শাখা আৰু "গ" শাখাৰ অংশগ্ৰহণকাৰীৰ বিষয়বস্তু হৈছে "অৰণ্য সংৰক্ষণ"।
উল্লেখ্য যে, ১ আৰু ২ ফ্ৰেব্ৰুৱাৰীত আয়োজিত এই আৰটিষ্ট এচেমবলত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব ক্ৰমে, আন্তঃৰাষ্ট্ৰীয় শিল্পী মহম্মদ আফতাৰ আলী, উৰিষ্যা ললিত কলা একাডেমীৰ প্ৰাক্তন সচিব ড. পঞ্চানন সমল, বিশিষ্ট শিল্পী পি.বি. গণেশ,আন্তঃৰাষ্ট্ৰীয় শিল্পী বিকে নাৰ বাহাদুৰ,কবি সন্মিলনৰ উদ্বোধক চাইডা জাবিন চাবিৰা শ্বাহৰ লগতে অন্য কেইবাগৰাকী লোক।