ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খণ্ড শিক্ষাবিষয়া

এগৰাকী বিদ্যালয় প্ৰধানৰ পৰা ৬হাজাৰ টকা ঘোচ লওতেই হাতে-লোতে পৰিল ধৰা বিষয়াজন...
ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খণ্ড শিক্ষাবিষয়া

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ "এশ গৰু মাৰিলে বাঘৰো মৰণ"- এই আপ্ত বাক্যশাৰী পুৰামাত্ৰাই প্ৰযোজ্য হ'ল গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষাবিষয়া হৰিপ্ৰসাদ দাসৰ ক্ষেত্ৰত। গহপুৰ মহকুমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সমাজৰ বাবে আতংকৰ কাৰণ হৈ পৰা এই গৰাকী ঘোচখোৰ শিক্ষাবিষয়া শুকুৰবাৰে ঘোচ লোৱা অৱস্থাত হাতে-লোতে গ্ৰেপ্তাৰ হয়। গুৱাহাটীৰ পৰা যোৱা দুৰ্নীতি নিবাৰক শাখাৰ এটা ৫ জনীয়া দলৰ হাতত ধৰা পৰে বিষয়াজন।

জানিব পৰা মতে, জৰিগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কিৰণ পেগুৰ পৰা বদলিৰ নামত ৬হাজাৰ টকা ল'বলৈ মুখ মেলোতেই কাৰ্য্যালয় কক্ষৰ ভিতৰত বিয়লি প্ৰায় ৪ বজাত হাতে-লোতে গ্ৰেপ্তাৰ হয় ধনলোভী শিক্ষাবিষয়া হৰিপ্ৰসাদ দাস। ধৃত হৰিপ্ৰসাদ দাসক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে কাৰ্য্যালয়ৰ ভিতৰতে দীৰ্ঘসময় জেৰা কৰাৰ অন্তত গুৱাহাটীলৈ লৈ যায়। সন্মুখত গোলাপী পানীৰ বটল লৈ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৰ আগত হাত দাঙিবলৈ বাধ্য হোৱা শিক্ষাবিষয়া হৰিপ্ৰসাদ দাসৰ উক্ত কাণ্ডক লৈ নাক কোচাইছে গহপুৰ শৈক্ষিক সমাজে।

উল্লেখযোগ্য যে- পাঠদানৰ উপৰি বিভিন্ন চৰকাৰী কামৰ বোজাৰ মাজত মূৰ দাঙিবলৈ সময় নোপোৱা গহপুৰ মহকুমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে আতংকৰ কাৰণ হৈ পৰিছিল হৰিপ্ৰসাদ দাস। নাৰায়ণপুৰত শিক্ষাবিষয়া হৈ থকাৰ সময়ত বিভিন্ন দুৰ্নীতি অনিয়মেৰে কলংকিত হৈ পৰা হৰিপ্ৰসাদ দাসে ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত খণ্ড শিক্ষাবিষয়া হিচাপে যোগদান কৰাৰ পিছৰে পৰা গহপুৰতো পেলাবলৈ লয় লুণ্ঠনৰ জাল। বাৰ্ষিক বেতন বৃদ্ধিৰ পুস্তিকাত চহী কৰা, বিদ্যালয়ৰ বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰা, ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বহীৰ নম্বৰ পৰীক্ষা কৰা, মধ্যাহ্ন ভোজনৰ হিচাপ পৰীক্ষা, আন্তঃগাঁথনিৰ বাবে অহা ধনৰ হিচাপ লোৱাৰ অজুহাতত মাহৰ পিছত মাহ ধৰি শিক্ষক-শিক্ষয়িত্ৰীসকলক হাৰাশাস্তি কৰি মানসিক চাপ বৃদ্ধিৰে উৎকোচ দাবী কৰি আহিছিল দাসে ।

অলপ দিনৰ আগতে বালিজানৰ এগৰাকী শিক্ষকক সামান্য এটা ভুলৰ অজুহাত দেখুৱাই ১লাখ টকাৰ উৎকোচ বিচাৰি হাৰাশাস্তি কৰি আহিছিল তেওঁ। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ জ্ঞানৰ পোহৰ বিলাই অহা শিক্ষকসকলক এনেদৰে হাৰাশাস্তি কৰি হকে-বিহকে উৎকোচ দাবী কৰি অহা ঘোচখোৰ শিক্ষাবিষয়া হৰিপ্ৰসাদ দাসৰ শুকুৰবাৰে দিন বেয়া আছিল। যাৰ বাবে তেওঁ উৎকোচৰ ধনসহ গোলাপী পানীত হাত জুবুৰীয়াই গ্ৰেপ্তাৰ হ'বলগীয়া হয় দুৰ্নীতি নিবাৰক শাখাৰ দলৰ হাতত। তেওঁক গ্ৰেপ্তাৰৰ খবৰক লৈ যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে গহপুৰৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজে।

ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খণ্ড শিক্ষাবিষয়া
এনাজৰীৰ অসম ভিত্তিক কবিতা প্রতিযোগিতাৰ ফলাফল ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in