/asomiyapratidin/media/media_files/2025/05/05/AHme8UZop692BtgKq4wW.jpg)
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কামাখ্যা মন্দিৰ, লাচিত বৰফুকন, আহোম সম্প্ৰদায়ক উদ্দেশ্যি একাধিক অপমানসমূচক আৰু অসত্য তথা বিতৰ্কিত মন্তব্য কৰি ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত কৰা শুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে গোৱালপাৰা আৰক্ষীয়ে।
উল্লেখ্য যে, সামাজিক মাধ্যমত চৰ্চাত থকা আৰু নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল, নেতাৰ প্ৰিয়পাত্ৰ হৈ পৰা শুকুৰ আলী নামৰ যুৱকজনে পঞ্চায়ত নিৰ্বাচনৰ এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি চূড়ান্ত অপমানজনক মন্তব্য কৰিছিল।
ইয়াৰ পাছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুকুৰ আলীৰ বিৰুদ্ধে দাখিল হৈছিল কেইবাখনো এজাহাৰ। জানিব পৰা মতে বিজনীত শুকুৰ আলীৰ বিৰুদ্ধে বজৰং দলে দাখিল কৰিছিল এজাহাৰ। উজনি অসমতো থলুৱা মুছলিম পৰিষদে শুকুৰৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। গুৱাহাটীতো তেওঁৰ বিৰুদ্ধে দাখিল হৈছিল এজাহাৰ।
ইয়াৰ পিছতেই আজি গোৱালপাৰা আৰক্ষীয়ে আটক কৰিছে শুকুৰ আলীক। শুকুৰে ৰাম মন্দিৰৰ ভূমি ঔৰংগজেৱে দিয়া বুলি কোৱাৰ লগতে অসমৰ কামাখ্যা মন্দিৰৰ মাটিও ঔৰংগজেৱে দিয়া বুলি কৈছিল। তাৰোপৰি আহোমসকলে অসমৰ বাবে একো কৰা নাই বুলি কৈ বিভিন্ন উদ্ভত মন্তব্য কৰিছিল।