/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/ydugdnls/1.jpg)
ডিজিটেল সংবাদ,গোৱালপাৰা: গোৱালপাৰা জিলাত মৌলবাদীৰ বিৰুদ্ধে 'নিয়া'ই চলোৱা অভিযানৰ অন্তত অৱশেষত এজন অভিযুক্তকহে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে। পাকিস্তান সমৰ্থিত জইছ-ই-মহম্মদ নামৰ মৌলবাদী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা লোকজন শ্বেইখ চুলতান ছালাউদ্দিন আয়ুবী বুলি চিনাক্ত।
আগিয়া থানাৰ অন্তৰ্গত টুকুৰা(তৃতীয় খণ্ড)ৰ ছাহাদ আলীৰ এইগৰাকী অভিযুক্ত মৌলবাদী পুত্ৰই টুকুৰাত খোলা বেংকৰ এ টি চি এছ পি চেণ্টাৰৰ জৰিয়তে মৌলবাদী কাৰ্যকলাপ চলাই অহাৰ সন্দেহত শুকুৰবাৰে তেওঁক নিয়া ই আটক কৰিছিল।
উল্লেখযোগ্য যে গোৱালপাৰা আৰক্ষীৰ সহযোগত নিয়াৰ এটি বৃহৎ অভিযানকাৰী দলে শুকুৰবাৰে নিশাৰ পৰা শনিবাৰৰ নিশালৈ চলোৱা এই অভিযানত জইছ-ই-মহম্মদেৰে জড়িত থকাৰ সন্দেহত জিলাখনৰ কৃষ্ণাই, কৃষ্ণাই-টুকুৰা,আগিয়া-বলবলা,মেন্দিপথাৰ আদিৰ অৰ্ধ শতাধিক স্থানত অভিযান চলাই ৯ গৰাকীকৈ সন্দেহযুক্ত মৌলবাদী লোকক আটক কৰিছিল।
নিয়াৰ অভিযানত আটক হোৱা সন্দেহযুক্ত নগৰাকী মৌলবাদীক সোধা-পোচাৰ বাবে গোৱালপাৰা আৰক্ষী চাউনীত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছিল। নিয়া ৰ অভিযানকাৰী বিষয়াই আটকাধীন আটাইকেইজনক জেৰা চলাই তন্ন তন্ন কৈ পৰীক্ষা কৰে।
শনিবাৰে নিশা আটকাধীন ন গৰাকীৰ ভিতৰত ৮গৰাকীক নিৰপৰাধী হিচাপে গণ্য কৰি মুকলি কৰাৰ বিপৰীতে টুকুৰাৰ চি এছ পি চেণ্টাৰৰ স্বত্বাধিকাৰী শ্বেইখ চুলতান ছালাউদ্দিন আয়ুবীক নিশাই গ্ৰেপ্তাৰ কৰে নিয়াই।
গ্ৰেপ্তাৰ কৰা অভিযুক্ত আয়ুবীক নিশা সদৰ থানাত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখাৰ পিচত আজি পুৱা আয়ুবীক নিয়াই গুৱাহাটীলৈ লৈ যায়। বিশেষ সূত্ৰে জানিব পৰা মতে শ্বেইখ চুলতান ছালাউদ্দিন আয়ুবীয়ে কৃষ্ণাইৰ টুকুৰাত থকা বিশেষ চি এছ পি চেণ্টাৰটোৰ জড়িয়তে মৌলবাদী সংগঠন জইছ-ই-মহম্মদে শেহতীয়াকৈ ধনৰ লেনদেন কৰা তথ্য নিয়াই লাভ কৰিছিল। নিয়াই আয়ুবীৰ চি এছ পি চেণ্টাৰটোৰ সমগ্ৰ নথি-পত্ৰ ইতিমধ্যে জব্দ কৰিছে।
আয়ুবীক গুৱাহাটীলৈ নিয়াৰ পিচত জেহাদী কাৰ্যকলাপৰ অধিক তথ্য আহৰণৰ বাবে নিয়াই মাৰাথান জেৰা চলাব বুলি জানিব পৰা গৈছে।জানিব পৰা মতে নিয়াই শেহতীয়াকৈ দিল্লীত ৰুজু কৰা ১৩/২০২৪ নং গোচৰত অভিযুক্ত শ্বেইখ চুলতান ছালাউদ্দিন আয়ুবীক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে দিল্লীৰ একেটা গোচৰৰ ভিত্তিত নিয়াই অসমৰ গোৱালপাৰা আৰু হোজাই জিলাকে ধৰি দেশৰ আন ৪খন ৰাজ্যতো মৌলবাদীৰ বিৰুদ্ধে অভিযান চলাই বহু সন্দেহযুক্ত মৌলবাদীক আটক কৰিছে।সেই ৰাজ্যকেইখন হ'ল জম্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু দিল্লী।
Also Read: সংবাদ মাধ্যমৰো জলবায়ু পৰিবৰ্তন হৈছে !