ডিমৰীয়া ইনষ্টিটিউত অৱ মেডিকেল ছায়েন্সত বিনামূলীয়া স্বাস্থ্য শিবিৰ

আয়োজক ডিমৰীয়া ইনষ্টিটিউত অৱ মেডিকেল ছায়েন্স কৰ্তৃপক্ষই অনাগত দিনসমূহতো এনেধৰণৰ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিব বুলি উল্লেখ কৰে

author-image
Asomiya Pratidin
New Update
ডিমৰীয়া ইনষ্টিটিউত অৱ মেডিকেল ছায়েন্সত বিনামূলীয়া স্বাস্থ্য শিবিৰ

ডিজিটেল ডেস্কঃ ডিমৰীয়া ইনষ্টিটিউত অৱ মেডিকেল ছায়েন্সত বিনামূলীয়া স্বাস্থ্য শিবিৰ। যোৱা দেওবাৰে স্বাস্থ্য প্ৰতিষ্ঠানখনৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

Advertisment

আয়োজক কৰ্তৃপক্ষই জনোৱা অনুসৰি বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ ভালে সংখ্যক ৰোগীয়ে এই শিবিৰলৈ আহি বিশেষভাৱে উপকৃত হয়। প্ৰায় ২শতাধিক ৰোগীয়ে বিনামূলীয়া স্বাস্থ্য সোৱা গ্ৰহণ কৰে।

আনহাতে শিবিৰটিত কেইবাগৰাকী চিকিৎসকে সেৱা আগবঢ়ায়। গুৱাহাটীৰ পৰা ডিমৰীয়ালৈ গৈ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে স্থানীয় লোকসকলে শলাগ লয়।

ইফালে আয়োজক ডিমৰীয়া ইনষ্টিটিউত অৱ মেডিকেল ছায়েন্স কৰ্তৃপক্ষই অনাগত দিনসমূহতো এনেধৰণৰ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিব বুলি উল্লেখ কৰে।

Also Read: কোনে খাদ্যত মিহলি কৰিলে বিষাক্ত পদাৰ্থ ? ৪০ টাকৈ বান্দৰৰ মৃত্যু

Free health check-up