বিদেশীৰ নামত হাৰাশাস্তিঃ অবৈধ গ্ৰেপ্তাৰ আৰু বিতাৰণৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগলৈ পত্ৰ প্ৰেৰণ

বিদেশীৰ নামত হাৰাশাস্তিৰ বিৰুদ্ধে অসম চিভিল ছচাইটিৰ সভাপতি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ ৰাষ্ট্ৰীয় মানবাধিকাৰ আয়োগলৈ এক পত্ৰ প্ৰেৰণ।

author-image
Asomiya Pratidin
New Update
বিদেশীৰ নামত হাৰাশাস্তিঃ অবৈধ গ্ৰেপ্তাৰ আৰু বিতাৰণৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগলৈ পত্ৰ প্ৰেৰণ

ডিজিটেল ডেস্কঃ অসম চিভিল ছচাইটিৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰীয় মানবাধিকাৰ আয়োগ (NHRC)-লৈ এক পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ অভিযোগ কৰিছে অসম চৰকাৰে অবৈধভাৱে বিদেশীৰ সন্দেহত বহু লোকক আটক কৰি ন্যায়িক অনুমোদন নোহোৱাকৈ পুনৰ গ্ৰেপ্তাৰ কৰিছে।

চৌধুৰীয়ে দাখিল কৰা আবেদনত কোৱা হৈছে অসম চৰকাৰে অবৈধ নাগৰিকৰ সন্দেহত বহু লোকৰ ওপৰত দমন উৎপীড়ন চলাইছে আৰু বহু লোকক আটক কৰিছে। য’ত ভাৰতীয় সংবিধান আৰু আইনত থকা সুৰক্ষাৰ স্পষ্ট উলংঘন কৰা হৈছে।

আবেদনখনত কোৱা হৈছে যে বহু লোকক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোকক গ্ৰেপ্তাৰৰ কাৰণ জনোৱা হোৱা নাই। তাৰোপৰি আইনজীৱীৰো সহায় লোৱাৰ সুযোগ দিয়া হোৱা নাই।যি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২২ৰ স্পষ্ট উলংঘন।

চৌধুৰীয়ে লগতে অভিযোগ কৰিছে যে বহু বন্দীক, আদালতে জামিন দিয়াৰ পাছতো, নতুন কোনো ন্যায়িক আদেশ অবিহনেই পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। পৰিয়ালৰ লোকে তেওঁলোকৰ শেহতীয়া অৱস্থানৰ বিষয়ে কোনো খবৰ পোৱা নাই বুলিও অভিযোগ কৰা হৈছে। ফলত বহু পৰিয়াল মানসিক আৰু আইনী সংকটত পৰিছে।

আবেদনখনত উল্লেখ কৰা হৈছে যে গ্ৰেপ্তাৰ আৰু আটক কৰাৰ সময়ত ডি.কে. বসু গাইডলাইন (সুপ্ৰীম কোর্টৰ ঐতিহাসিক ৰায়) সম্পূৰ্ণৰূপে অমান্য কৰা হৈছে। এই গাইডলাইন অনুসৰি, গ্ৰেপ্তাৰৰ সময়ত গ্ৰেপ্তাৰ মেমো প্ৰস্তুতকৰণ আৱশ্যকষ। তাৰোপৰি গ্ৰেপ্তাৰৰ সন্দৰ্ভত পৰিয়ালক তথ্য দিব লাগে আৰু চিকিৎসা পৰীক্ষাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক। কিন্তু অসম চৰকাৰে এই সকলো নীতি, নিয়ম উলংঘন কৰিছে বুলি তেওঁ অভিযোগ কৰিছে।

চৌধুৰীয়ে অভিযোগ কৰিছে যে কিছুমান বন্দীক কূটনৈতিক প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ ভাৰত-বাংলাদেশ সীমান্ত পাৰ কৰি পঠিয়াই দিয়া হৈছে। তেওঁৰ মতে, এই কাৰ্য্য আন্তঃৰাষ্ট্ৰীয় আইনৰ উলংঘন। এনে কাৰ্যই ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে নিদিয়া নিৰ্দেশনাৰো বিৰোধিতা কৰে, য'ত দ্বিপাক্ষিক সহযোগিতাৰ আধাৰত নিয়মীয়া প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া পালন কৰাৰ কথা কোৱা হৈছে।

চৌধুৰীয়ে তেওঁৰ আবেদনত কয়, “এইসকলো কাৰ্য্য কেৱল ফৰেইনাৰ্ছ এক্টৰেই নহয়, সংবিধানে প্ৰত্যেক নাগৰিকক দিয়া মৌলিক অধিকাৰো ভংগ কৰিছে। এয়া এক গুৰুতৰ মানৱীয় আৰু ন্যায়ৰ উলংঘন।”

চৌধুৰীয়ে NHRC-ত তৎকালীন তদন্তৰ দাবী জনাইছে আৰু তলত উল্লেখ কৰা দাবীসমূহ আগবঢ়াইছে:


•    যিসকল লোকক সঠিক প্ৰক্ৰিয়াৰ অবিহনে বন্দী কৰা হৈছে, তেওঁলোকক মুক্তি দিয়া।
•    নতুন ন্যায়িক অনুমোদন নোহোৱাকৈ পুনঃগ্ৰেপ্তাৰ বন্ধ কৰা।
•    কূটনৈতিক আৰু আইনী দিশ উপেক্ষা কৰি কৰা সকলো ‘pushback’ অভিযান ৰোধ কৰা।
•    সংবিধানে নিৰ্ধাৰণ কৰা গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া আৰু আইনী সুৰক্ষা নিশ্চিত কৰা।

চৌধুৰীয়ে আবেদনখনত দুই বিষয়া ক্ৰমে মুখ্য সচিব আই এ এছ ড০ ৰবি কোটা আৰু ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ সচিবৰ নাম উল্লেখ কৰিছে। 

হাফিজ ৰছিদ আহমেদ চৌধুৰী অবৈধ অনুপ্ৰৱেশ