কোনে খাদ্যত মিহলি কৰিলে বিষাক্ত পদাৰ্থ ? ৪০ টাকৈ বান্দৰৰ মৃত্যু

একেলগে, একেঠাইতে আৰু একেসময়তে ৪০ টাকৈ বান্দৰৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
কোনে খাদ্যত মিহলি কৰিলে বিষাক্ত পদাৰ্থ ? ৪০ টাকৈ বান্দৰৰ মৃত্যু

ডিজিটেল ডেস্কঃ আশ্বৰ্য,মৰ্মান্তিক ! একেলগে, একেঠাইতে আৰু একেসময়তে ৪০ টাকৈ বান্দৰৰ মৃত্যু। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত।

Advertisment

৪০ টাকৈ বান্দৰৰ অকাল মৃত্যুক সহজভাৱে ল'ব পৰা নাই স্থানীয় প্ৰকৃতিপ্ৰেমীয়ে। বৰ্তমানলৈকে বান্দৰ কেইটাৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও এই মৃত্যু সন্দেহজনক বুলি ধাৰণা একাংশ স্থানীয় লোকৰ।

জানিব পৰা অনুসৰি বান্দৰকেইটা মৃত্যু হোৱা স্থানত গুড় আৰু তৰমুজ পৰি আছিল। অঞ্চলটিৰ বান্দৰবোৰে এইসমূহ খাদ্য বিচাৰি প্ৰায়ে উক্ত ঠাইখিনিলৈ আহে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে খাদ্যসমূহত কোনোৱে বিষাক্ত পদাৰ্থ মিহলি কৰাৰ ফলত বান্দৰ কেইটাৰ মৃত্যু হৈছে । অৱশ্যে বান্দৰ কেইটাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত স্থানীয় আৰক্ষী আৰু বন বিভাগে তদন্ত আৰম্ভ কৰিছে।

আনহাতে মৃত বান্দৰ কেইটাৰ মৰোণোত্তৰ পৰীক্ষা বাবে বৰেলীৰ ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে।

Also Read: মায়ঙত "ৰিণিকি ৰিণিকি..." শীৰ্ষক বিহু গীতত কঁকাল ঘূৰাই নাচিলে ৫০০ বিহুৱতীয়ে

monkey FOREST DEPARTMENT