/asomiyapratidin/media/media_files/2025/05/29/DH8aM0z87VpU2DQOd8lN.jpg)
ডিজিটেল সংবাদ বিশ্বনাথঃ দীৰ্ঘদিনীয়া এটা প্ৰেমৰ সম্পৰ্ক। পশ্চিমবংগৰ দিঘালৈ ফুৰিবলৈ যাওঁতে প্ৰথম চিনাকী হৈছিল যুৱতীগৰাকীৰ লগত৷ লাহে লাহে দুয়োৰে মাজত গভীৰ হৈ পৰিছিল প্ৰেমৰ সম্পৰ্ক৷
জীৱনে মৰনে একেলগে থকাৰ সপোন ৰচিছিল দুয়োৱে৷ মাজে সময়ে সৰু-সুৰা কাজিয়া হৈছিল যদিও বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল তেওঁলোকে৷ প্ৰেমিকাৰ কথা মতেই কলিকতাত মাটি কিনি ঘৰ বনাবলৈ সাজু হৈছিল প্ৰেমিক।
দুয়োৰে পৰিয়ালৰ মাজতো কথা-বতৰা আৰম্ভ হৈছিল৷কিন্তু হঠাৎ ছ’চিয়েল মেডিয়াৰ পৰা মোবাইল নম্বৰলৈকে সকলোতে পশ্চিম বংগৰ সেই প্ৰেমিকাই ব্লক কৰি দিলে অসমৰ প্ৰেমিক জিন্টু খানক৷
কেইবাদিনো ধৰি যোগাযোগ কৰিবলৈ চেষ্টা কৰিও নোৱাৰি প্ৰেমিকাক বিচাৰি গাড়ী লৈ পশ্চিমবংগৰ হাওৰা জিলাৰ উলুবেড়ীয়ালৈ ৰাওনা হৈছিল বিশ্বনাথ চাৰিআলিৰ জিন্টু খান৷ কিন্তু তাত উপস্থিত হোৱাৰ পিছতে ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ল তেওঁ।
এটা দুৰ্বৃত্তৰ দলে প্ৰেমিকাৰ ঘৰৰ সন্মুখৰ পৰা আটক কৰি এটা ঘৰৰ ভিতৰত আৱদ্ধ কৰে। তাৰ পিছতেই শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলালে জিন্টু খান আৰু তেওৰ লগত যোৱা গাড়ী চালকজনক।
কিন্তু সকলো দেখি-শুনিও নিমাত হৈ থাকিল প্ৰেমিকা তানিয়া আহমেদ আৰু তেওঁৰ পৰিয়াল৷ অভিযোগ মতে কলিকতাত মাটি কিনিবলৈ নিয়া টকা বিচাৰি দুৰ্বৃত্তৰ দলটোৱে বন্দুক দেখুৱাই ভাবুকি দিছিল জিন্টুক৷
জিন্টুৰ মোবাইলৰ দ্বাৰা ভিডিঅ’ কৰি জিন্টুৰে ছ’চিয়েল মেডিয়াত আপল'ড কৰিছিল দুৰ্বৃত্তৰ দলটোৱে৷ পিছত পশ্চিমবংগ আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে।
ইতিমধ্যে অসমত আহি উপস্থিত হোৱা জিন্টু খানে ন্যায় বিচাৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানত দাখিল কৰিছে অভিযোগ৷ এতিয়া প্ৰশ্ন উঠিছে ধনৰ বাবেই কলকাতাৰ প্ৰেমিকা তানিয়াই জিন্টুক ভাল পাইছিল নেকি? জিন্টুৰ সন্দেহ মাটি কিনিবলৈ নিয়া টকা আত্মসাত কৰাৰ বাবেই প্ৰেমিকাই এই সমগ্ৰ পৰিকল্পনা কৰিছিল। এই ঘটনাই বিশ্বনাথত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।