পেহেলগাম কাণ্ড : গুজৰাটৰ ভুক্তভোগী দ্বিতীয়টো পৰিয়ালক সাক্ষাৎ মন্ত্ৰী পীযুষ হাজৰীকাৰ

পেহেলগামত পাকিস্তানী উগ্ৰপন্থীৰ নৃশংস গুলীচালনাত প্ৰাণ হেৰুওৱা গুজৰাট ভাৱনগৰৰ পিতা-পুত্ৰ য়তীশভাই সুধীৰভাই পাৰমাৰ আৰু সুমিত য়তীশভাই পাৰমাৰৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
অসমবাসীৰ হৈ সমবেদনা জ্ঞাপন মন্ত্ৰী হাজৰীকাৰ

ডিজিটেল সংবাদ, ভাৱনগৰ : কাশ্মীৰৰ পেহেলগামত পাকিস্তানী উগ্ৰপন্থীৰ নৃশংস গুলীচালনাত প্ৰাণ হেৰুওৱা গুজৰাট ভাৱনগৰৰ পিতা-পুত্ৰ য়তীশভাই সুধীৰভাই পাৰমাৰ আৰু সুমিত য়তীশভাই পাৰমাৰৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা। তেওঁ পৰিয়ালটোক অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোকবাৰ্তা সম্বলিত পত্ৰৰ লগতে ৰাজ্য চৰকাৰৰ পৰা মুঠ ১০ লাখ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰে । 

Advertisment

অসমবাসীৰ হৈ সমবেদনা জ্ঞাপন মন্ত্ৰী হাজৰীকাৰ

উল্লেখ্য যে বিগত ২২ এপ্ৰিলত পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়ালৰ কাষত অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী আৰু জ্যেষ্ঠ চৰকাৰী বিষয়া উপস্থিত হৈ দুখৰ সমভাগী হোৱাৰ লগতে প্ৰতিগৰাকী ভুক্তভোগীৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত অনুসৰিয়ে কালি গুজৰাটলৈ অহা মন্ত্ৰী পীযুষ হাজৰীকাই কালিয়েই ছুৰাটৰ এটা পৰিয়ালৰ ঘৰলৈ যোৱাৰ বিপৰীতে আজি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া ড° ওম প্ৰকাশৰ সৈতে ভাৱনগৰৰ পাৰমাৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হয় ।

অসমবাসীৰ হৈ সমবেদনা জ্ঞাপন মন্ত্ৰী হাজৰীকাৰ

পেহেলগামৰ মৰ্মান্তিক ঘটনাত ভাৱনগৰৰ য়তীশভাই সুধীৰভাই পাৰমাৰ আৰু তেওঁৰ ১৭ বছৰীয়া পুত্ৰ সুমিত য়তীশভাই পাৰমাৰে প্ৰাণ হেৰুওৱাৰ বিপৰীতে এই ঘটনাত য়তীশভাই সুধীৰভাই পাৰমাৰৰ পত্নী কাজলবেহেন পাৰমাৰৰ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰিছিল । মন্ত্ৰী হাজৰীকাই আজি পৰিয়ালৰ লোকসকলক সাক্ষাত কৰাৰ সময়ত প্ৰয়াত য়তীশভাই পাৰমাৰৰ পিতৃ-মাতৃ তথা পত্নীৰ লগতে পৰিয়ালৰ আন ব্যক্তিসকলক সমবেদনা জনাই কয় যে  তেওঁলোকৰ দুখৰ সমগ্ৰ দেশবাসী আজি সমভাগী হৈছে ।

অসমবাসীৰ হৈ সমবেদনা জ্ঞাপন মন্ত্ৰী হাজৰীকাৰ

পাছত উপস্থিত সাংবাদিকৰ আগত মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে একেটা পৰিয়ালৰ দুজন সদস্যক সন্ত্ৰাসবাদীৰ আক্ৰমণত হেৰুওৱাৰ দুখ অত্যন্ত বেদনাদায়ক আৰু দেশবাসী আজি এই ঘটনাৰ ভুক্তভোগী প্ৰতিটো পৰিয়ালৰ লগত আছে ।অসমৰ মন্ত্ৰীগৰাকীক আজিৰ এই সময়ছোৱাত ভাৱনগৰ পৌৰ নিগমৰ মেয়ৰ ভাৰতভাই বাৰাড আৰু ভাৱনগৰ জিলা প্ৰশাসনৰ বিষয়াসকলে সংগ দিয়ে ।

pijush hazarika