বিশ্ব এভাৰেষ্ট দিৱসঃ কোনে, কিয় পৃথিৱীৰ সৰ্বোচ্চ শৃংগৰ নাম ৰাখিলে মাউণ্ট এভাৰেষ্ট?

১৯৫৩ চনৰ ২৯ মে’ত নিউজিলেণ্ডৰ ছাৰ এডমাণ্ড হিলাৰী আৰু প্ৰথমে নেপালী আৰু পিছলৈ ভাৰতীয় হোৱা টেনজিং নৰ্গে শ্বেৰ্পাই ১৯৫৩ চনৰ ২৯ মে’ত মাউণ্ট এভাৰেষ্টৰ শিখৰত প্ৰথমে আৰোহণ কৰিছিল। 

author-image
Asomiya Pratidin
New Update
বিশ্ব এভাৰেষ্ট দিৱসঃ কোনে, কিয় পৃথিৱীৰ সৰ্বোচ্চ শৃংগৰ নাম ৰাখিলে মাউণ্ট এভাৰেষ্ট?

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বই প্ৰতি বছৰে ২৯ মে’ত আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট দিৱস পালন কৰি আহিছে। ১৯৫৩ চনৰ ২৯ মে’ত নিউজিলেণ্ডৰ ছাৰ এডমাণ্ড হিলাৰী আৰু প্ৰথমে নেপালী আৰু পিছলৈ ভাৰতীয় হোৱা টেনজিং নৰ্গে শ্বেৰ্পাই ১৯৫৩ চনৰ ২৯ মে’ত মাউণ্ট এভাৰেষ্টৰ শিখৰত প্ৰথমে আৰোহণ কৰিছিল। 

Advertisment

সেই স্মৃতিতে প্ৰতি বছৰে ২৯ মে’ৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট দিৱস হিচাপে পালন কৰি অহা হৈছে। উল্লেখ্য যে ১৮৬৫ চনত আনুষ্ঠানিকভাৱে এই শৃংগৰ নাম এভাৰেষ্ট হিচাপে নামকৰণ কৰা হৈছিল। তাৰ পূৰ্বে আছিল অন্য এক নাম।

কিন্তু প্ৰশ্ন হয়,  ছাৰ এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গে শ্বেৰপাই প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্বোচ্চ শৃংগটো আৰোহণ কৰিছিল তাৰ ৮৮ বছৰ পূৰ্বেই এই শৃংগটোৰ নাম ছাৰ জৰ্জ এভাৰেষ্টৰ নামেৰে  নামকৰণ কৰা হৈছিল। 

কিন্তু তেতিয়াই কেনেকৈ আৰু কিয় তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল এই শৃংগ? তেওঁৰ ভূমিকাই বা কি আছিল? তেওঁ ক’ৰ পৰা আহিছিল? ভাৰত, নেপাল বা চীনৰ লগত তেওঁৰ সম্পৰ্ক কি? 

কোন আছিল ছাৰ জৰ্জ এভাৰেষ্ট?

ছাৰ জৰ্জ এভাৰেষ্ট আছিল এজন ভূতত্ত্ববিদ আৰু গণিতজ্ঞ। তেওঁ মূলতঃ ব্ৰিটেইনৰ ৱেলছৰ আছিল। ১৭৯০ চনৰ ৪ জুলাইত ব্ৰিটেইনত জন্মগ্ৰহণ কৰা জৰ্জ এভাৰেষ্টৰ মৃত্যু হৈছিল ১৮৬৬ চনৰ ১ ডিচেম্বৰত। 

মৃত্যুৰ পূৰ্বে প্ৰায় তেৰ বছৰ ধৰি তেওঁ ভাৰতৰ জৰীপ জেনেৰেলৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। ১৮৩০ চনৰ পৰা ১৮৪৩ চনলৈকে আছিল তেওঁৰ কাৰ্যকাল। এই সময়ছোৱাত তেওঁ প্ৰথমবাৰৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে সমগ্ৰ ভাৰতবৰ্ষক জুখি উলিয়াইছিল। 

এভাৰেষ্টেই জৰীপ পদ্ধতিত উল্লেখযোগ্য পৰিৱৰ্তন আনিছিল। তেওঁৰ নামেৰেই নামকৰণ কৰা হৈছে হিমালয়ৰ বুকুত থকা বিশ্বৰ এই সৰ্বোচ্চ শৃংগটো। 

মাউণ্ট এভাৰেষ্ট হিচাপে নামকৰণ কৰা পূৰ্বে কি আছিল এই শৃংগৰ নাম?

মাউণ্ট এভাৰেষ্ট হিচাপে নামকৰণ কৰাৰ পূৰ্বে ইয়াৰ নাম আছিল পিক-১৫। নেপালৰ মানুহে এই শৃংগটোক সাগৰ মাথা নামেৰে জানিছিল। তিব্বতৰ মানুহে আকৌ এই শৃংগটোৰ নাম দিছিল চোমোলুংমা। এতিয়াও তেওঁলোকে এই নামেই ব্যৱহাৰ কৰে।

ভাৰতৰ প্ৰথমগৰাকী জৰীপকাৰী বিষয়া ছাৰ জৰ্জ এভাৰেষ্টৰ নামেৰে এই শৃংগ নামকৰণৰ প্ৰস্তাৱ আহিছিল তেওঁৰ উত্তৰাধিকাৰী ছাৰ এণ্ড্ৰুৱেৰ ফালৰ পৰা। ১৮৫৬ চনত তেওঁ এই সৰ্বোচ্চ শৃংগটোৰ নাম ছাৰ জৰ্জ এভাৰেষ্টৰ নামেৰে নামকৰণ কৰা প্ৰস্তাৱ দিয়ে।

১৮৬৫ চনত ৰয়েল জিঅ’গ্ৰাফিক ছ’চাইটিয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু আনুষ্ঠানিকভাৱে ইয়াক অনুমোদন জনায়। অৱশ্যে ছাৰ জৰ্জ এভাৰেষ্টে এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল, স্থানীয় ৰাইজৰ সুবিধাৰ্থে এই শৃংগটোৰ নাম ৰখা উচিত। 

ছাৰ জৰ্জ এভাৰেষ্টে কেতিয়াও এই শৃংগৰ শিখৰত উপনীত হোৱা নাছিল

যিজন ব্যক্তিৰ নামত বিশ্বৰ সৰ্বোচ্চ এই শৃংগ নামকৰণ কৰা হৈছে তেওঁ কিন্তু কেতিয়াও এই শৃংগৰ শিখৰত উপনীত হোৱা নাছিল। আনকি তেওঁ কেতিয়াও নেপালো ভ্ৰমণ কৰা নাছিল। 

কিন্তু, তেওঁ জৰীপৰ জৰিয়তে যি অৱদান আগবঢ়ালে তাৰ সন্মানৰ বাবেই এই সুউচ্চ শৃংগটোৰ নাম তেওঁৰ নামেৰে ৰখা হয়। এই নাম সমগ্ৰ বিশ্বই ইয়াক মানি লোৱাই নহয়, তাৰ পিছত বছৰ বছৰ ধৰি কোনো ভূতত্ত্ববিদেই ইয়াক প্ৰত্যাহ্বান জনোৱাৰ সাহস কৰা নাই।

ৰয়েল মিলিটাৰী কলেজত অধ্যয়ন কৰা এভাৰেষ্ট আছিল অভিযান্ত্ৰিক আৰু গণিত বিষয়ত অতি নিপুণ।

এভাৰেষ্টৰ জৰীপ আছিল অতি নিখুঁত

জৰ্জ এভাৰেষ্ট আছিল এতি কঠোৰ ব্যক্তি। তেওঁ  কামত কোনো ভুল হোৱাতো বিচৰা নাছিল। তেওঁ নিজে যিদৰে কাম কৰে সহকৰ্মীৰ পৰাও তেনে কামেই আশা কৰিছিল। 
জৰীপৰ ক্ষেত্ৰত প্ৰতিটো কোণ, প্ৰতিটো দূৰত্ব আৰু প্ৰতিটো হিচাপ বাৰে বাৰে পৰীক্ষা কৰিছিল। 

তেওঁৰ স্পষ্টকৈ কৈছিল, জোখৰ ক্ষেত্ৰত এক ইঞ্চিও যদি ইফাল, সিফাল হয় তেন্তে গোটেই মানচিত্ৰখনেই নষ্ট হ’ব। তেওঁ উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ প্ৰায় ২৪০০ কিলোমিটাৰ জৰীপ কৰি এক ৰেখা অংকন কৰিছিল। 

এই ৰেখাৰ নাম দিয়া হৈছিল মেৰিডিয়ান আৰ্ক চাৰ্ভে। তেওঁৰ জৰীপ ইমানেই সঠিক আৰু নিখুঁত আছিল যে জিপিএছ পৃথিৱীলৈ অহাৰ পিছতো তেওঁৰ জোখ-মাখত মাত্ৰ প্ৰান্তীয় পাৰ্থক্যহে পোৱা গৈছিল।

কিদৰে আৱিষ্কাৰ হৈছিল মাউণ্ট এভাৰেষ্ট? 

১৯ শতিকাৰ মাজভাগৰ কথা। সেই সময়ত ভাৰতত ত্ৰিকোণমিতি জৰীপৰ কাম চলি আছিল। জৰীপকাৰী দলটোৱে জানিব পাৰিলে ভাৰত-তিব্বত সীমান্তত এটা অজ্ঞাত শৃংগ আছে। যিটো হিমালয়ৰ সৰ্বোচ্চ শৃংগ। 

তাৰ পিছতে ইয়াৰ নাম দিয়া হৈছিল পিক-১৫। ১৮৫২ চনত ভাৰতীয় গণিতজ্ঞ আৰু জৰীপকাৰী ৰাধানাথ ছিকদাৰে এই শৃংগৰ উচ্চতা ৮৮৪০ মিটাৰ বুলি নিৰ্ধাৰণ কৰিছিল। 

২০০৮ চনৰ পৰা উদযাপন কৰি অহা হৈছে আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট দিৱস 

এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী ব্যক্তি ছাৰ এডমাণ্ড হিলাৰীৰ মৃত্যু হৈছিল ২০০৮ চনৰ ১১ জানুৱাৰীত। তাৰ পিছত সেই একে বছৰতে নেপাল চৰকাৰে প্ৰতি বছৰে ২৯ মে’ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট দিৱস হিচাপে উদযাপন কৰিবলৈ ঘোষণা কৰে। এই দিনটোত নেপালত চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত বহু কাৰ্যসূচীৰো আয়োজন কৰা হয়।

 

মাউন্ট এভাৰেষ্ট