টোনপুখুৰীৰ পৰা চুৰি হোৱা স্কুটী উদ্ধাৰ

গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা চুৰি কাণ্ডৰ বিৰূদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষী বিষয়া পংকজ চিতলাই। আৰক্ষী বিষয়াগৰাকীৰ এই তৎপৰতাৰ বাবেই

author-image
Asomiya Pratidin
New Update
টোনপুখুৰীৰ পৰা চুৰি হোৱা স্কুটী উদ্ধাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা চুৰি কাণ্ডৰ বিৰূদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষী বিষয়া পংকজ চিতলাই। আৰক্ষী বিষয়াগৰাকীৰ এই তৎপৰতাৰ বাবেই বৃহত্তৰ অঞ্চলটোত অব্যাহত থকা এই চুৰিকাণ্ড ৰোধ হোৱাৰ লগতে গ্ৰেপ্তাৰ হৈছে কেইবাজনো চোৰ।

Advertisment

যোৱা ২৭ মে'ৰ নিশা হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টেটোনপুখুৰীৰ পৰা চুৰি হোৱা স্কুটীখন কম সময়ৰ ভিতৰতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী বিষয়া পংকজ চিতলাই।বিনা কাণ্ডুলানাৰ নামত থকা AS 32 A 4406 নম্বৰৰ হিৰ' কোম্পানীৰ স্কুটীখন তেওঁৰ ঘৰৰ চৌহদৰ পৰা উক্ত নিশা চুৰি হৈছিল।

এই সংক্ৰান্তত বুধবাৰে দুপৰীয়া স্থানীয় হেলেম আৰক্ষী থানাত বিনা কাণ্ডুলানাই দাখিল কৰিছিল এখন এজাহাৰ। ইয়াৰ পিছতে পংকজ চিতলাৰ নেতৃত্বত চলা এক অভিযানত আজি বিয়লি প্ৰায় ২ বজাত টেটোনপুখুৰীৰ ভিতৰুৱা এলেকাৰ এটা পৰিত্যক্ত ঘৰৰ ভিতৰৰ পৰা স্কুটীখন উদ্ধাৰ হয়।

বাইক চুৰি চক্ৰই স্কুটীখন সুবিধাজনক পৰিৱেশত নিয়াৰ বাবে উক্ত ঘৰটোত লুকুৱাই ৰাখিছিল বুলি সন্দেহ কৰা হৈছে।

Assam police