/asomiyapratidin/media/media_files/2025/05/29/25qK7oyOquTrDW4PrlKZ.jpg)
ডিজিটেল সংবাদ, গহপুৰ: এটা দুষ্ট চক্ৰৰ অযথা আক্ৰোশৰ বলি হৈছে গহপুৰৰ এগৰাকী লাট মণ্ডল।গহপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পোকপৰা গাঁৱৰ ৪ বিঘা ৩ কঠা ১১ লোচা মাটি দিগন্ত বৰুৱা নামৰ এগৰাকী ব্যক্তিৰ নামত ঠগ প্ৰবঞ্চনাৰে নামজাৰী কৰা বুলি অপবাখ্যা কৰি চক্ৰটোৱে অযথা মানসিক হাৰশাস্তি কৰিছে লাট মণ্ডল বিকাশ মুদৈক।
যাৰবাবে ভুক্তভোগী লাট মণ্ডল বিকাশ মুদৈয়ে এতিয়া উপযুক্ত চৰকাৰী তথ্য প্ৰমাণেৰে সংবাদ মাধ্যমৰ কাষ চাপি সমস্ত কথা বৰ্ণনা কৰি উপযুক্ত ন্যায় কামনা কৰিছে। এইক্ষেত্ৰত বিকাশ মুদৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, পোকপৰা গাঁৱৰ কুহিৰাম চুতীয়া আৰু তেওঁৰ পত্নী বুলু বৰুৱা চুতীয়াৰ লগতে জুণ্টী বৰুৱা নামৰ এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে এক মনেসজা আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰি পোকপৰা গাঁৱৰ ১০১ নং ম্যাদী পট্টাৰ ২৪৮, ১৫১, ২৫৩, ২৫৪, ২৫৫ আৰু ৩০৭ নং দাগত থকা ৪ বিঘা, ৩ কঠা, ১১ লোচা মাটি কুহিৰাম চুতীয়াৰ পৰা তেওঁৰ অজ্ঞাতে ২০২১ চনত দিগন্ত বৰুৱাৰ নামত নামজাৰি কৰি দিছে বুলি অভিযোগ উত্থাপন কৰিছে।
এইক্ষেত্ৰত বিকাশ মুদৈয়ে তথ্য সহকাৰে কয় যে-উক্ত ১০১ নং পট্টাৰ ২৪৮ নং দাগৰ এবিঘা মাটি উত্তৰাধিকাৰী কৰাৰ বাহিৰে আন কোনো দাগৰ মাটিত তেওঁ উত্তৰাধিকাৰী বা নামজাৰি কৰা নাই। উল্লেখযোগ্য যে-২০২১ চনৰ ১৯ ডিচেম্বৰত প্ৰথম মিছন বসুন্ধৰাৰ সময়ত প্ৰয়াত নুতন চন্দ্ৰ বৰুৱাৰ পুত্ৰ সৌৰভ বৰুৱাই উত্তৰাধিকাৰী বাবে প্ৰয়োজনীয় তথ্য পাতিসহ জনোৱা আবেদনৰ ভিত্তিত ২৪৮ নং দাগৰ এবিঘা মাটি উত্তৰাধিকাৰী সূত্ৰে নতুন চন্দ্ৰ বৰুৱাৰ পত্নী ৰোহিনী বৰুৱা, দুই পুত্ৰ দিগন্ত বৰুৱা আৰু সৌৰভ বৰুৱাৰ নামত উত্তৰাধিকাৰী নামজাৰি হয়।
সেই সময়ত সৌৰভ বৰুৱাৰ আবেদন আৰু শুদ্ধ তথ্য পাতিৰ ভিত্তিত উত্তৰাধিকাৰীৰ নামজাৰিৰ বাবে প্ৰতিবেদন দাখিল কৰিছিল লাট মণ্ডল বিকাশ মুদৈয়ে।কিন্তু দুষ্ট চক্ৰটোৱে উক্ত পট্টাৰ সমুদায় মাটি(৪ বিঘা,৩ কঠা,১১ লোচা) লাট মণ্ডল বিকাশ মুদৈয়ে গাঁও প্ৰধান জিতেন ভূঞাৰে লগ লাগি দিগন্ত বৰুৱাৰ নামত ঠগ প্ৰবঞ্চনাৰে নামজাৰি কৰা বুলি যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ চৰকাৰী তথ্য অনুসৰি সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হৈছে।
প্ৰাপ্ত চৰকাৰী তথ্য অনুসৰি-পোকপৰা গাঁৱৰ ১০১ নং ম্যাদী পট্টাৰ ২৪৮ নং দাগৰ এবিঘা মাটি ৰোহিনী বৰুৱা, দিগন্ত বৰুৱা আৰু সৌৰভ বৰুৱাৰ নামত নামজাৰি বাহাল আছে। একেদৰে ১৫১ নং দাগৰ ২ কঠা ১০ লোচা মাটি, ২৫৩ নং দাগৰ ১ কঠা ৫ লোচা মাটি, ২৫৪ নং দাগৰ ১ বিঘা, ১ কঠা, ১৬ লোচা মাটি আৰু ২৫৫ নং দাগৰ ১ বিঘা ২ কঠা মাটিত সৌৰভ বৰুৱা, দিগন্ত বৰুৱা, হাছনা বৰুৱা আৰু ৰুহিনী বৰুৱাৰ নাম উল্লেখ থকাৰ তথ্য চৰকাৰী নথিত উল্লেখ আছে।
আনহাতে ৩০৭ নংৰ দাগৰ একঠা মাটিত কুহিৰাম চুতীয়া, কংকনা বৰা আৰু চিলা বৰাৰ নাম বাহাল থকাৰ কথা এতিয়াও চৰকাৰী চিঠাত স্পষ্টকৈ উল্লেখ আছে। গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ চৰকাৰী চিঠা আৰু জমাবন্দীত সকলো বোৰ তথ্য জলজল পটপট হৈ থকাৰ পিছতো কিছুমান অবান্তৰ অভিযোগ উত্থাপন কৰি লাট মণ্ডল বিকাশ মুদৈক মানসিক ভাবে হাৰাশাস্তি কৰাত সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
পোকপৰা গাঁৱৰ ১০১ নং পট্টাৰ উক্ত ছটা দাগৰ সমুদায় মাটি(৪ বিঘা ৩ কঠা ১১ লোচা) কুহিৰাম চুতীয়াৰ নামৰ পৰা দিগন্ত বৰুৱাৰ নামলৈ তুলি দিয়া বুলি উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ অসত্য বুলি উক্ত চৰকাৰী তথ্যই প্ৰমাণ কৰি তুলিছে।ইপিনে-এই সংক্ৰান্তত গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনীষ ভড়ালীয়ে বুধবাৰে আৰু আজি কৰা প্ৰাথমিক তদন্তত বিকাশ মুদৈৰ বিৰুদ্ধে উথাপন কৰা উক্ত অভিযোগ সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হৈছে।
সম্পূৰ্ণ ভুৱা আৰু মনেসজা অভিযোগেৰে মানসিক ভাবে হাৰাশাস্তি কৰাৰ লগতে জনমানসত তেওঁৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ হেতু যথোচিত ন্যায় বিচাৰি গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্তৰ কথা আজি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে লাট মণ্ডল বিকাশ মুদৈয়ে। ইয়াৰ বাবে উক্ত আদালতত এটা গোচৰ পঞ্জীয়ন কৰিবলৈ এগৰাকী অধিবক্তাৰ জৰিয়তে আজি প্ৰাৰম্ভিক কাম সম্পন্ন কৰা বুলি উল্লেখ কৰিছে।
উল্লেখযোগ্য যে-বৰ্তমান সময়ৰ ডিজিটেল ইণ্ডিয়াৰ যুগত বুটাম টিপিলেই মিনিটতে সকলো তথ্য পোৱাৰ উপযুক্ত সুবিধা থকাৰ পিছতো সম্পূৰ্ণ ভুৱা তথ্য বিয়পাই এগৰাকী নিৰ্দোষী লাট মণ্ডলক ষড়যন্ত্ৰমূলক ভাবে দোষী সাব্যস্ত কৰিবলৈ উঠি পৰি লগা কাৰ্য্যক গহপুৰৰ বৌদ্ধিক ৰাইজে একেমুখে গৰিহণা দিছে।