অসমৰ প্ৰথমখন নাগাৰা নামৰ বিদ্যালয় স্থাপন…

অসমৰ প্ৰথমখন নাগাৰা নামৰ বিদ্যালয় স্থাপন…

author-image
asomiyapratidin
New Update
অসমৰ প্ৰথমখন নাগাৰা নামৰ বিদ্যালয় স্থাপন…

ডিজিটেল সংবাদ:অসমৰ জনপ্ৰিয় লোক কৃষ্টি তথা সংস্কৃতি নাগাৰা নামৰ প্ৰথমখন বিদ্যালয় স্থাপন কৰা হৈছে দৰং জিলাৰ হুছেইন চুবুৰীত ।নাগাৰা নামৰ ধৰ্মীয় পৰম্পৰা তথা পবিত্ৰ মৰ্যদা অক্ষুন্ন ৰাখি সদৌ অসম নাগাৰা নাম সংঘৰ সাংবিধানিক নীতি নিয়মৰ মাজেৰে নাগাৰা নামৰ শিল্পীসকলক প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰি অৰ্হতা সম্পন্ন শিল্পী হিচাপে গঢ় দিয়াৰ মানসেৰে "নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণী নাগাৰা নাম বিদ্যা মন্দিৰ " নামেৰে অসমৰ নাগাৰা নামৰ প্ৰথমখন বিদ্যালয় আৰম্ভ কৰা হয়।

Advertisment

দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ হুছেইন চুবুৰী গাঁৱৰ নদল তিনি আলিত থকা বলোৰাম বৈশ্যৰ বাসগৃহত বিদ্যালয়খন স্থাপন কৰা হয় । বিদ্যালয়ৰ দ্বাৰ উন্মোচন কৰে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱকুমাৰ শইকীয়াই, বিদ্যালয়ৰ দ্বাৰ উন্মোচন কৰি তেওঁ কয় যে,অসমৰ ভিতৰত এই বিদ্যালয়খনে নাগাৰা নামৰ প্ৰথমখন বিদ্যালয় হিচাপে ইতিহাস সৃষ্টি কৰিব ।

তাৰোপৰি ইয়াৰ জড়িয়তে একাংশ দক্ষ আৰু প্ৰণালী বন্ধ নাগাৰা নামৰ শিল্পী সৃষ্টি হ'ব বুলি তেওঁ আশা কৰে ।তাৰোপৰি কোনো মতে এটা বা দুটা নাম কেছেটৰ পৰা শিকি নাইবা কোনো গীতৰ পেৰডি সুৰ সংযোজন কৰি এটা নাম লিখি উপযাছি নাম শিকাই ঘূৰি ফুৰা এচাম অৰ্হতাহীন স্বয়ম্ভূ গুৰুৰ গুৰুগিৰিৰ ভণ্ডামি দূৰ হ'ব বুলি কয় ।

নাগাৰা নামত সোমাই পৰা ৰঘুমলা সদৃশ বিকৃতকৰণ ব্যৱস্থাৰ ওৰ পৰি শুদ্ধ ৰাগ-স্বৰলিপিৰ আধাৰত নাগাৰা নাম অগ্ৰসৰ হ'ব বুলিও শইকীয়াই আশা কৰে । অসমৰ অন্যান্য ঠাইতো এনে বিদ্যালয়ৰ প্ৰয়োজন এদিন নিশ্চয় হ'ব। উক্ত সভাতে বিষ্ণু প্ৰিয়ম ৰাভাক সভাপতি বসন্ত চহৰীয়া সম্পাদক হিচাপে লৈ এখন ৭ জনীয়া বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা হয়।

সভাই জনপ্রিয় নাগাৰা নামৰ পাঠক গনেশ ডেকা, ধৰ্মকান্ত ডেকা, ঝিলকা কলিতা, বলেন শইকীয়া আৰু নৰেশ্বৰ কলিতাক প্ৰশিক্ষক আৰু বলোৰাম বৈশ্যক অধ্যক্ষ হিচাপে মনোনিত কৰে । প্ৰথম দিনাই শ্ৰেণীকোঠাত পাঠদান কৰি অধ্যক্ষ বৈশ্যই নাগাৰা নামৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে পাঠ আগবঢ়ায় ।

আৰু পঢ়ক:অসম ৰাজ্যিক অধিবিদ্যা পৰিষদৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক খগেন পেগুক উষ্ম আদৰণি ও সম্বৰ্ধনা…

darang assam