কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীত ৪০৩ জন খেলুৱৈক নিযুক্তিৰ প্ৰস্তুতি

কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISFএ দেশৰ প্ৰতিভাধৰ খেলুৱৈ সকলৰ নিযুক্তিৰ ব্যৱস্থা কৰিছে ৷ বাহিনীটোৱে অচিৰেই দেশৰ ৪০৩ জন খেলুৱৈক হেড কনিষ্টবল (জেনেৰেল ডিউটি)স্পৰ্টচ কোটাত নিযুক্তি দিব ৷

author-image
Asomiya Pratidin
New Update
ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী…

ডিজিটেল সংবাদ, লখিমপুৰঃ খেলুৱৈ সকলৰ বাবে সুখবৰ। কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISFএ দেশৰ প্ৰতিভাধৰ খেলুৱৈ সকলৰ নিযুক্তিৰ ব্যৱস্থা কৰিছে ৷ বাহিনীটোৱে অচিৰেই দেশৰ ৪০৩ জন খেলুৱৈক হেড কনিষ্টবল (জেনেৰেল ডিউটি)স্পৰ্টচ কোটাত নিযুক্তি দিব ৷ যাৰবাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় উদ্যোগিক বাহিনীৰ সঞ্চালক প্ৰধানে এক বিজ্ঞপ্তি যোগে এই কথা জনাইছে।  

ইতিমধ্যে cisfrett.cisf.gov.in নামৰ ৱেবচাইটত প্ৰকাশ পাইছে বিজ্ঞাপন। ২০৪ গৰাকী পুৰুষ আৰু ১৯৯ গৰাকী মহিলাক বাহিনীটোৱে আন্তঃৰাষ্ট্ৰীয়ভাৱে খ্যাতি সম্পন্ন ২৯ টা উদ্যোগিক ক্ষেত্ৰত মকৰল কৰিব । আবেদনৰ অন্তিম তাৰিখ অহা ৬ জুন ।

cisf