আটছাৰ উদ্যোগত "চল যাব স্কুল অভিযান" কাৰ্যসূচী

গোলাঘাটৰ মক্ৰং, ঘিলাধাৰী, বালিজান, উষা বাগান, জালান চাহ বাগিছা আৰু মাটিখোলা শাখা সমিতিৰ সহযোগত মক্ৰং চাহ বাগিছাত আটছাই "চল যাব স্কুল অভিযান" শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আটছাৰ উদ্যোগত চল যাব স্কুল অভিযান কাৰ্যসূচী

আটছাৰ উদ্যোগত চল যাব স্কুল অভিযান কাৰ্যসূচী

ডিজিটেল সংবাদ,ঘিলাধাৰী: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আটছা ফৰকাটিং উপ-শাখা সমিতি উদ্যোগত গোলাঘাটৰ মক্ৰং, ঘিলাধাৰী, বালিজান, উষা বাগান, জালান চাহ বাগিছা আৰু মাটিখোলা শাখা সমিতিৰ সহযোগত মক্ৰং চাহ বাগিছাত আটছাই চল যাব স্কুল অভিযান শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে৷

Advertisment

এই কাৰ্যসূচীত অঞ্চলটোৰ দুই শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মক্ৰং চাহ বাগিচালৈ হাতে-হাতে প্লে' কাৰ্ড লৈ 'শিক্ষা আমাৰ অধিকাৰ', 'বাল্য বিবাহ বন্ধ কৰক', 'শিশু শ্ৰমিক বন্ধ কৰক', 'মাদক দ্ৰব্য বন্ধ কৰক', 'চল চাব স্কুল', 'আটছা জিন্দাবাদ' আদি শ্ল’গান দিয়ে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় এখনি শৈক্ষিক সজাগতা সভা ৷ সভাত আটছাৰ বিষয়ববীয়া সকলে "চল যাব স্কুল" সন্দৰ্ভত বাখ্যা আগবঢ়ায় ৷

আটছা চাহ জনজাতি ছাত্ৰ সন্থা