'চিলাৰায় ভৱন'ৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ

মঙলবাৰে ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় 'চিলাৰায় ভৱন'ৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ বিশেষ পুঁজিৰ দ্বাৰা এই ভৱনটি নিৰ্মাণ কৰা হ’ব। 

author-image
Asomiya Pratidin
New Update
'চিলাৰায় ভৱন'ৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ

'চিলাৰায় ভৱন'ৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ মঙলবাৰে ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় 'চিলাৰায় ভৱন'ৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ বিশেষ পুঁজিৰ দ্বাৰা এই ভৱনটি নিৰ্মাণ কৰা হ’ব। 

Advertisment

মন্ত্ৰী হাজৰিকাই এই অনুষ্ঠানত ভষণ প্ৰদান কৰি কয় যে, "জিলাখনত জনগোষ্ঠীটোৰ সৰ্বাংগীণ বিকাশত এই ভৱনটিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব।" তেওঁ লগতে উল্লেখ কৰে, "মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বত ৰাজ্যৰ সকলো জাতি, ধৰ্ম, সম্প্ৰদায়ৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু বিভিন্ন আঁচনি ক্ষিপ্ৰতাৰে ৰূপায়ন কৰি থকা হৈছে। কোচ ৰাজবংশীসকলৰ সৰ্বাংগীণ উন্নয়ন নিশ্চিতকৰণৰ উদ্দেশ্যে বিজেপি চৰকাৰৰ দিনত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ উপৰি কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰি অতিৰিক্ত সুবিধা প্ৰদানৰ দিহা কৰা হৈছে। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উপৰি ৰাজ্যৰ অন্য প্ৰান্তত বাস কৰা কোচ ৰাজবংশী লোকসকলৰ উন্নয়নৰ বাবে ২৫ কোটি টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকে যাতে সকলো সুবিধা-আঁচনিৰ সুফল ভোগ কৰিব পাৰে, তাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে"  বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰীৰূপে আগন্তুক সময়ত মন্ত্ৰী হাজৰিকাই জিলাখনত সঘনাই আহি থকাৰ উপৰি সময়ে সময়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ সৈতে আলোচনাত মিলিত হৈ অভাৱ-সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। এই কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ ‍ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক ৰণাদিত্য বৰ্মণসহ যথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ওদালগুৰি পীযুষ হাজৰিকা