/asomiyapratidin/media/media_files/2025/05/27/1cR0HIuTwi9XGppiMUvP.jpg)
গণ সুৰক্ষা পাৰ্টীলৈ সমৰ্থন নাই অবড়ো সুৰক্ষা সমিতিৰ
ডিজিটেল সংবাদ, বাক্সা: বিটিআৰ পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কিছুদিন। আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজেৰে গৰম হৈ থকা বিটিআৰৰ ৰাজনৈতিক পৰিৱেশত অৱশেষত প্ৰৱেশ ঘটিল অবড়ো সুৰক্ষা সমিতি, অসমৰ। মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত এক সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অবড়ো সুৰক্ষা সমিতি অসমৰ সম্পাদক মাধৱ ৰাজবংশী আৰু মুখপাত্ৰ পংকজ দাসে ।
সংবাদমেলত ইউপিপিএল দল আৰু জোন দাসৰ মাজত চলি থকা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাৰ অন্ত পেলাবলৈ আহ্বান জনায় অবড়ো সুৰক্ষা সমিতিয়ে। জোন দাসে কৰা মন্তব্য অবড়ো সুৰক্ষা সমিতিৰ মন্তব্য নহয় বুলি উল্লেখ কৰি সেয়া তেওঁৰ নিজা মন্তব্য বুলিও কয় সম্পাদক মাধৱ ৰাজবংশীয়ে ।
ইফালে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ১৫ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। লগতে বিপিএফৰ সৈতে মিত্ৰতা কৰিবলৈ আগবঢ়া গণ সুৰক্ষা পাৰ্টীলৈ কোনো সমৰ্থন নাই বুলিও সংবাদমেলত স্পষ্ট কৰি দিয়ে অবড়ো সুৰক্ষা সমিতিয়ে।