/asomiyapratidin/media/media_files/2025/05/27/KpjtLm8ydUMSGzZ4bLxF.jpg)
নিৰ্বাচনক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বিজেপিয়ে
ডিজিটেল সংবাদ, গুৱাহাটী: বিটিআৰৰ ৪০টা পৰিষদীয় সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভাৰতীয় জনতা পাৰ্টিয়ে। নিৰ্বাচনক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বিজেপিয়ে, বিশেষকৈ ওদালগুৰি জিলাৰ দহটা পৰিষদীয় সমষ্টিৰ ক্ষেত্ৰত অকণো সহিষ্ণু নহয় বিজেপি। মঙলবাৰে ওদালগুৰিত বিষ্ণু ৰাভা কৃষ্টি সংঘত অনুষ্ঠিত সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আৰু বিশাল যোগদান কাৰ্যসূচীত অংশ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰে এই বৃহৎ ঘোষণা। দুই সহস্ৰাধিক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সভাত অংশ লৈ আগন্তুক বিটিআৰ নিৰ্বাচনৰ বাবে ৰণশিঙা বজায় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। বিটিচিৰ ৪০টা পৰিষদীয় সমষ্টিতে বিজেপিয়ে নিৰ্বাচন খেলিব বুলি উল্লেখ কৰি সভাপতি শইকীয়াই সকলো কাৰ্যকৰ্তাক দিনে-নিশাই নিষ্ঠাসহকাৰে কাম কৰিবলৈ আহ্বান জনায়।
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক দিগন্ত কলিতা, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, জিলা সভাপতি, মণ্ডল সভাপতিসকলৰ উপৰি দলৰ কাৰ্যকৰ্তাসকল উপস্থিতিত মিত্ৰতাৰ ধৰ্ম ত্যাগ কৰি ইউপিপিএল দলৰ নেতাসহ বহুসংখ্যক ব্যক্তিয়ে বিজেপি দলত যোগদান কৰে। সভাত ইউপিপিএল দলৰ নেতা তথা CWCৰ সদস্য নন্দ বড়ো আৰু বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ আত্মীয় মাৰ্টিন বসুমতাৰীসহ ডেৰ সহস্ৰাধিক তৃণমূল পৰ্যায়ৰ নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। দলত নতুনকৈ যোগদান কৰাসকলক দলৰ ভেটি অধিক সুদৃঢ়, শক্তিশালী কৰিবৰ বাবে আন্তৰিকতাৰে কাম কৰি যাবলৈ মন্ত্ৰী পীযুষ হাজৰীকাই আহ্বান জনায়।
আনহাতে, মঙলবাৰেই সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাই আন দুখন গুৰুত্বপূৰ্ণ সভাতো অংশ লয়। প্ৰথমে জিলাখনত অৰুণোদয় ৩.০ৰ সফল ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি (DLMC)ৰ সদস্যসকলৰ সৈতে বৈঠকত অংশ লয়। মহিলা সবলীকৰণ, দৰিদ্ৰতা নিৰ্মূল, আর্থিকভাৱে স্বচ্ছল কৰাৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা এই কল্যাণমূলক আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে সুবিধা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ সমিতিক নিৰ্দেশ দিয়ে। এই সভাতে ওদালগুৰি জিলাৰ শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান লাভ কৰা মুঠ ৬গৰাকী শিল্পীক মন্ত্ৰী হাজৰিকাই প্ৰমাণপত্ৰ বিতৰণ কৰে। ইয়াৰোপৰি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত জিলাখনৰ ৪টা বিধান সভা সমষ্টিৰ ৪টা পঞ্জীয়নভুক্ত ইউথ ক্লাবৰ প্ৰতিনিধিক আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে। এই সভাত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক ক্ৰমে গোবিন্দ চন্দ্ৰ বসুমতাৰী, দুৰ্গাদাস বড়ো আৰু চৰণ বড়ো, বিটিআৰৰ ইএম ক্ৰমে দিগন্ত বৰুৱা, নীলোৎ স্বৰ্গীয়াৰী আৰু দাওবাইছা বড়োসহ যথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।