বিশ্বনাথৰ গাঁও বিটিআৰত অন্তৰ্ভুক্ত : অবড়ো নেতা জোন দাসৰ সংবাদমেল

বিশ্বনাথৰ গাঁও বিটিআৰত অন্তৰ্ভুক্ত : অবড়ো নেতা জোন দাসৰ সংবাদমেল

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ গাঁও বিটিআৰত অন্তৰ্ভুক্ত : অবড়ো নেতা জোন দাসৰ সংবাদমেল

ডিজিটেল সংবাদ, মুছলপুৰ: ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ বিটিচিৰ বাহিৰৰ মুঠ ৪০ খনকৈ গাওঁ ১ নবেম্বৰ তাৰিখে পুনৰ বিটিআৰত নতুনকৈ অন্তৰ্ভুক্ত কৰাক কেন্দ্ৰ কৰি বিটিচিত বসবাস কৰা অবড়ো লোকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Advertisment

অবড়োৰ ভোট লৈ দিল্লী আৰু কোকৰাঝাৰৰ মচনদ দখল কৰিবলৈ সক্ষম হোৱা সাংসদ নৱ কুমাৰ শৰণীয়া আৰু বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসকো ক্ষুৰধাৰ সমালোচনা কৰে অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ কেন্দ্ৰীয় সম্পাদক জোন দাসে।

ইফালে অবড়ো সংগ্ৰামক ভুৱা তথ্য আৰু প্ৰতিশ্ৰুতিৰে বিপথে পৰিচালিত কৰিব বিচৰা বুলি সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাকো তীব্ৰ সকীয়নী প্ৰদান কৰে অবড়ো নেতা জোন দাসে।

Also Read: কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

biswanath