/asomiyapratidin/media/media_files/2025/05/20/st3u51KO3GYvDIharxTT.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ নিয়াৰ আদালতত বিচাৰাধীন হৈ থকা এনডিএফবিৰ বিভিন্ন গোচৰসমূহ নিয়াই পুনৰাই ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰাত কাৰাবন্দী হৈ থকা এনডিএফবিৰ নেতা-কৰ্মীসকল মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা এঢাপ আগবাঢ়িল । নিয়াই গোচৰসমুহ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰাৰ পিছতেই আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এনডিএফবিৰ ৩৫ জন নেতা-কৰ্মী কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে কোকৰাঝাৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হয় ।
আদালতত হাজিৰ কৰাৰ পিছতে ৩৫ জন এনডিএফবিৰ নেতা-কৰ্মীক আদালতে কোকৰাঝাৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। চৰকাৰী অধিবক্তা কংকন কলিতাই সদৰি কৰা মতে নিয়াৰ আদালতৰ পৰা গোচৰসমূহ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ হোৱা মৰ্মে অপৰাধৰ গোচৰসমূহ য'ত ৰজু হৈ আছে সেই ঠাইলৈ আচামীসকলক পঠিয়াই দিয়া হৈছে।
সেইমৰ্মে কোকৰাঝাৰত ৰজু হৈ থকা পাঁচটা গোচৰৰ পৰিপ্ৰেক্ষিতত আজি ৩৫ জন এনডিএফবি কেডাৰক কোকৰাঝাৰলৈ অনা হয়। যিহেতু এতিয়াৰে পৰা কোকৰাঝাৰত ৰজু হৈ থকা গোচৰসমূহ কোকৰাঝাৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চলিব গতিকে ৩৫ জন এনডিএফবি কেডাৰ কোকৰাঝাৰ কাৰাগাৰতে থাকিব পাৰে বুলি অধিবক্তাই প্ৰকাশ কৰিছে।
উল্লেখ্য এনডিএফবিৰ ৬৪ গৰাকী নেতা-কৰ্মীৰ বিৰুদ্ধে নিয়াৰ আদালতত গোচৰ চলি আছিল আৰু তেওঁলোক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে আৱদ্ধ হৈ আছিল । আজি কোকৰাঝাৰলৈ অনা ৩৫ জনীয়া এনডিএফবিৰ দলটোত এম বাথাকে ধৰি এনডিএফবিৰ কেইবাজনো উচ্চ পদস্থ নেতা আছে।
প্ৰনিধানযোগ্য যে বিটিআৰ চুক্তি অনুসৰি এনডিএফবিৰ বিৰুদ্ধে থকা বহুসংখ্যক গোচৰ নিষ্পত্তি হ'ল। অৱশ্যে নিয়াৰ আদালতত বিচাৰাধীন হৈ থকা গোচৰসমূহ নিষ্পত্তি নোহোৱাত এনডিএফবিৰ কেডাৰসকল মুকলি আকাশৰ তললৈ ওলাই আহিব পৰা নাছিল ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নেৰানেপেৰা প্ৰচেষ্টাত অৱশেষত নিয়াৰ গোচৰসমূহ পুনৰাই ৰাজ্য চৰকাৰলৈ হস্তান্তৰ হোৱাত এতিয়া কাৰাবন্দী হৈ থকা এনডিএফবি নেতা-কৰ্মীসকল পৰ্যায়ক্ৰমে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা এখোজ আগবাঢ়িল। বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ ক্ষেত্ৰত অঙ্গীকাৰবদ্ধ হোৱা প্ৰমোদ বড়োৰ বাবেই এতিয়া কাৰাৰুদ্ধ হৈ থকা এনডিএফবি সদস্যসকল মুকলি হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে আৰু ইয়ে এনডিএফবিৰ পৰিয়ালৰ আশাৰ বতৰা কঢ়িয়াই আনিছে।