/asomiyapratidin/media/media_files/2025/05/21/H4Ajc0yOyDVBflVlnwsl.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলে বিটিআৰত কাৰো সতে মিত্ৰতা নকৰি নিজাববীয়াকৈ বিটিচিৰ ২০ৰ পৰা ২৫ টা সম্ভাৱনাময় সমষ্টিত নিৰ্বাচন খেলিব বুলি প্ৰকাশ কৰাৰ পিছতেই বিটিচিৰ নিৰ্বাচনী অংক ওলট-পালট হৈ পৰিছে। ইতিমধ্যে বিজেপি দলে সমষ্টিসমূহত পৰ্যবেক্ষকৰ দল প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে আৰু পৰ্যবেক্ষক দলৰ প্ৰতিবেদনৰ ভিত্তিত সম্ভাৱনাময় সমষ্টিত বিজেপি দলে প্ৰাৰ্থী থিয় কৰাব বুলি জানিব পৰা গৈছে ।
বিজেপি দলৰ এনে স্থিতিত ইউপিপিএল আৰু বিপিএফ দলে এতিয়া নিজ নিজ কাৰ্যপন্থা হাতত লৈ কঁকালত টঙালি বান্ধিছে। ইউপিপিএল দলে বিটিআৰত ৩২০০ টা বুথ কমিটি গঠন কৰাৰ সমান্তৰালভাৱে ইউপিপিএল মডেলেৰে নিৰ্বাচনী যুঁজৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ।
শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ মূলমন্ত্ৰৰে ইউপিপিএল দলে ভোটাৰৰ কাষ চপা আৰম্ভ কৰিছে। ঘৰে ঘৰে , গাঁৱে -গাঁৱে অভিযানেৰে ইউপিপিএল ভোটাৰৰ কাষ চপাৰ চেষ্ঠা কৰিছে। উল্লেখ্য যে যদিওবা নিৰ্বাচনত বিজেপিৰ সতে ইউপিপিএলৰ আসন বুজাপৰা নহ'ব তৎসত্বেও বিজেপিয়ে ইউপিপিএলৰ সতে মধুৰ সম্পৰ্ক ৰাখিব আৰু নিৰ্বাচনৰ পিছতে ইউপিপিএলৰ সতে লগলাগি পুনৰাই চৰকাৰ গঠন কৰিব বুলি চৰ্চিত হৈছে।
আনহাতে বিপিএফ দলেও নিজৰ হেৰোৱা শক্তি পুনৰ ঘূৰাই আনিবলৈ প্ৰচেষ্ঠা চলাইছে। বিপিএফ দলৰ মূল নেতাসকলৰ প্ৰায়ভাগে ইউপিপিএল দলত যোগদান কৰাত হাগ্ৰামা মহিলাৰী এতিয়া শলঠেকত পৰিছে। বিপিএফৰ এনে অৱস্থাৰ মাজতে আজি তিতাগুৰীত এক যোগদান সভা অনুষ্ঠিত হয় ।
উক্ত যোগদান সভাত ইউপিপিএল দলৰ পৰা ১০০ ৰো অধিক কৰ্মীয়ে বিপিএফ দলত যোগদান কৰে বুলি বিপিএফে দাবী কৰিছে। যোগদান সভাত উপস্থিত থাকি বিপিএফৰ জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ দলে ২৫ ৰো অধিক আসন দখল কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে।
তদুপৰি বিটিচিত নিৰ্বাচনত কাৰো সতে বিপিএফৰ মিত্রতা নহয় বুলি মন্তব্য কৰি কোনোবাই যদি মিত্রতা কৰিব খোজে আমি আলোচনা কৰিম বুলি সদৰি কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে। বিজেপি দলে অকলে খেলিলে নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰতো দেৰহাসাৎ বসুমতাৰীয়ে কয় যে বিজেপিয়ে অকলে খেলিলেও বিপিএফ দলত একো প্রভাব নপৰে। আজিৰ যোগদান সভাত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মও উপস্থিত আছিল আৰু বিপিএফ দলত নতুনকৈ যোগদান কৰা লোকসকলক আৰনাইৰে আদৰণি জনায়।