/asomiyapratidin/media/media_files/2025/05/21/mXWUA9QyMXsi9w7qKjuO.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : পৰ্বতঝোৰা বাশবাৰীত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মানৰ বাবে আদানী গ্রুপক ভূমি প্ৰদান কৰাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে প্ৰতিবাদী ৰাইজৰ কাষত থিয় দিলে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি অসম।
উল্লেখযোগ্য যে, তাপ বিদ্যুৎ প্রকল্প নিৰ্মাণ কৰাৰ বাবে আদানী গ্রুপক প্ৰায় ৩,৬০০ বিঘা ভূমি প্ৰদান কৰাৰ বাবে চৰকাৰে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে। ইয়াৰ পিছতে পৰ্বতঝোৰাৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজে বিটিআৰ পৰিষদীয় চৰকাৰ তথা অসম চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন আৰু প্ৰতিবাদ চলি থকা সময়তে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে বাশবাৰীৰ বিবাদমান ভূমি পৰিদৰ্শন কৰি প্ৰতিবাদী ৰাইজৰ লগত মিলিত হৈ বিস্ফোৰক মন্তব্য আগবঢ়ায়।
শেহতীয়াকৈ অসম চৰকাৰে যেনেদৰে ধাৰত ডুব গৈ আছে, আচলতে এই ঋণসমূহ পৰিশোধ কৰিবলৈ চৰকাৰে এতিয়া কাৰ্বি, বড়ো, ৰাভা আদি কৰি জনজাতীয় লোকসকলৰ মাটি আদানী- আম্বানীৰ ওচৰত বিক্ৰী কৰি ঋণ পৰিশোধৰ নতুন প্ৰচেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। যি উন্নয়নে সাধাৰণ জনজাতীয় লোকৰ মাটি কাঢ়ি নিব তেনে উন্নয়ণ আমাক নালাগে বুলি আহ্বায়ক তালুকদাৰে মন্তব্য কৰে।
তেওঁ লগতে আমাৰ মাটি কাঢ়ি লৈ আমাক এক বিঘাকৈ মাটি ভিক্ষা দিব খোজা অসম চৰকাৰ তথা বিটিআৰ চৰকাৰে আমাক ভিক্ষাৰী বুলি ভাবে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে। অচিৰেই মাটি হেৰুৱা লোক সকলক লৈ গুৱাহাটীত বিশাল সমাৱেশ কৰাৰ হুংকাৰ প্ৰদান কৰে আহ্বায়কগৰাকীয়ে।