/asomiyapratidin/media/media_files/2025/05/20/YMpS6deL17ZT3YKXKM98.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ জম্মু-কাশ্মীৰৰ পেহেলগাম ঘটনা সন্দৰ্ভত "অপাৰেচন সিন্দূৰ"ৰ সাফল্যত ভাৰতীয় সৈন্যবল আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্ণায়ক নেতৃত্বক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে আজি ওদালগুৰি চহৰত বাহিৰ কৰা হয় এক বিশাল ত্ৰিৰংগা যাত্ৰা। ওদালগুৰি ত্ৰিৰংগা যাত্ৰা আয়োজক সমিতিৰ উদ্যোগত আজি পুৱা প্ৰায় ১০-৩০ বজাত ওদালগুৰি চহৰস্থিত গোলমাগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা বাহিৰ কৰা ত্ৰিৰংগা যাত্ৰাটোৱে ওদালগুৰি চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰে।
বিভিন্ন জাতি-জনগোষ্ঠী, দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰা এই ত্ৰিৰংগা যাত্ৰাক আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। উক্ত যাত্ৰাত অংশগ্ৰহণকাৰীসকলে হাতে হাতে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা লৈ ভাৰত মাতা কি জয়, বন্দে মাতৰম, হিন্দুস্তান জিন্দাবাদ ধ্বনি প্ৰদান কৰে।
ত্ৰিৰংগা যাত্ৰাটো উদ্বোধন কৰি প্ৰদান কৰা উদ্বোধনী ভাষণত বসুমতাৰীয়ে দেশৰ নিৰাপত্তাৰক্ষীৰ পৰাক্ৰমক লৈ গৌৰৱবোধ কৰে। ভাৰতৰ বিৰুদ্ধে ৰচনা কৰা প্ৰতিটো শক্তিশালী অস্ত্ৰ দেশৰ সেনাই নিষ্ক্ৰীয় কৰি দেশবাসীক যি সুৰক্ষা প্ৰদান কৰিলে তাৰ বাবে সেনা জোৱানসকলক ধন্যবাদ জনাই পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত দেশৰ পৰ্যটক আৰু দেশৰ বাবে ছহিদ হোৱা প্ৰতিগৰাকী জোৱানক শ্ৰদ্ধাৰে সোঁৱৰে।
ত্ৰিৰংগা যাত্ৰাত অংশ লৈ ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীয়ে কয়, "পেহেলগামৰ ঘটনাৰ পাছত প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰিছিল। ভাৰত সদায় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কাম কৰিব।
"অপাৰেচন সিন্দূৰ" শীৰ্ষক অভিযানৰ জৰিয়তে ভাৰতীয় সেনাই যি ধৰণে প্ৰতিশোধ ল'লে তাৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে আজি ওদালগুৰিৱাসী ৰাইজ ৰাজপথলৈ ওলাই আহি শুভেচ্ছা জনাইছে। এই যাত্ৰাত বিভিন্ন দল সংগঠন, প্ৰতিষ্ঠান, মহাবিদ্যালয়ৰ প্ৰায় তিনি সহস্ৰাধিক লোক উপস্থিত থাকে।