ঘৰ আহি পালেহি ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন হোৱা হাফিজুৰ...

ঘৰ আহি পালেহি ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন হোৱা হাফিজুৰ...

author-image
Asomiya Pratidin
New Update
ঘৰ আহি পালেহি ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন হোৱা হাফিজুৰ...

ঘৰ আহি পালেহি ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন হোৱা হাফিজুৰ...

ডিজিটেল ডেস্কঃ অৱশেষত সন্ধান ওলাল ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাত সন্ধানহীন হৈ থকা ওদালগুৰিৰ হাফিজুৰ ৰহমানৰ। যোৱা ২ জুনত সংঘটিত হোৱা এই ভয়াৱহ দুৰ্ঘটনাৰ পাছতে সন্ধানহীন হৈ আছিল জিলাখনৰ কলাইগাঁৱৰ ২ নং শিঙিৰামাৰীৰ যুৱক হাফিজুৰ ৰহমান।

Advertisment

কৰ্ম সংস্থাপনৰ বাবে ২ বছৰ পূৰ্বেই বেংগালুৰুলৈ যোৱা হাফিজুৰে ২ জুনত ঘৰলৈ ফোন কৰি কৰমণ্ডল এক্সপ্ৰেছৰ জৰিয়তে স্বগৃহলৈ অহাৰ কথা জনাইছিল। পৰৱৰ্তী সময়ত নিশা যেতিয়া দুৰ্ঘটনা সংঘটিত হয় তাৰ পাছত পৰিয়ালৰ লোকে ফোন কৰিও তেওঁৰ সহাৰি লাভ কৰা নাছিল।

৩ জুনত হাফিজুৰলৈ পুনৰ ফোন কৰাত ওড়িশাৰ আৰক্ষীয়ে ফোন ৰিচিভ কৰিছিল। আৰক্ষীয়ে হাফিজুৰৰ ফোনটো দুৰ্ঘটনাস্থলীত উদ্ধাৰ কৰাৰ কথা উল্লেখ কৰি হেল্প লাইন নম্বৰত ফোন কৰিবলৈ আহ্বান জনায়।

ইফালে হাফিজুৰৰ কোনো সন্ধান নোপোৱাত পৰিয়ালৰ ২ জন সদস্যই তেওঁৰ সন্ধানত ওড়িশালৈ ৰাওনা হৈছিল। অৱশ্যে তাৰ মাজতে হঠাৎ দিনৰ ভাগত সন্ধানহীন হোৱা হাফিজুৰ আহি স্বগৃহত উপস্থিত হয়হি।

হঠাৎ এইদৰে হাফিজুৰ স্বগৃহত আহি উপস্থিত হোৱাত পৰিয়ালৰ লোকে স্বস্তিৰ নিশ্বাস এৰিছে যদিও ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য অব্যাহত আছে।

Also Read: সফলতাৰে শেষ হ'ল তৃতীয় খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছঃ ১ টা পদকেৰে ৬৪ নং স্থানত কটন...

ৰে'ল দুৰ্ঘটনা