মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্ৰতিবেদন দাখিল; মঙলদৈত গ্ৰেপ্তাৰ ৩ চিকিৎসক

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযোগ অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্ৰতিবেদন দাখিল কৰিছিল ।

author-image
Asomiya Pratidin
New Update
মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্ৰতিবেদন দাখিল; মঙলদৈত গ্ৰেপ্তাৰ ৩ চিকিৎসক

doctor arrested for Providing Fake Post-Mortem Report

ডিজিটেল ডেস্ক: মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা চিকিৎসক কেইজন ক্ৰমে-ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা, ডাঃ অজন্তা বৰদলৈ।

Advertisment

অভিযোগ অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্রতিবেদন দাখিল কৰিছিল চিকিৎসক কেইগৰাকীয়ে। দৰঙৰ ধূলাৰ আদিবাসী যুৱতীৰ মৃত্যুক লৈ দিছিল ভুৱা প্রতিবেদন।

CIDৰ ২০/২০২২ৰ গোচৰত গ্রেপ্তাৰ তিনিওকে। গ্ৰেপ্তাৰৰ পাছতেই সোমবাৰে মঙলদৈৰ CJM আদালতত হাজিৰ কৰোৱা হয় ৩ চিকিৎসকক।

CIDৰ অনুসন্ধানত ওলোৱা তথ্য অনুসৰি ফৰেনচিকৰ চিকিৎসকে কৰা নাছিল মৰণোত্তৰ পৰীক্ষা। মেডিচিন বিভাগৰ চিকিৎসকৰ চহী আছে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

assam arrested doctor mangaldai Assam police