/asomiyapratidin/media/media_files/2025/05/28/wTzwN3mYH7RDNCZMD6Uv.jpg)
ডিজিটেল ডেস্কঃ চাকৰি তেওঁৰ কনিষ্টবলৰ। চখ তেওঁৰ ঘনে ঘনে বিলাসী গাড়ী সলনি কৰা আৰু বাইক চলোৱা। দামী ঘড়ী, প্ৰসাধন সামগ্ৰীৰ প্ৰতিও আছে আকৰ্ষণ।
এইগৰাকী মহিলা কনিষ্টবলে প্ৰায় ১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিছে এটা সুবিশাল অট্টালিকাও। ক্ৰয় কৰিছে ১৯ লাখ টকাৰ এটুকুৰা ভূমিও। আলাদ্দিনৰ চাকিটোকেই হাতত পোৱা এইগৰাকী মহিলা কনিষ্টবল এতিয়া আৰক্ষীৰ আলহী।
ঘটনা পঞ্জাৱৰ। কিছু দিন পূৰ্বে ড্ৰাগছৰ গোচৰত গ্ৰপ্তেৰা হৈছিল পঞ্জাৱ আৰক্ষীৰ এগৰাকী মহিলা কনিষ্টবল অমনদ্বীপ কৌৰ। আৰক্ষীৰ পোচাকত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এইগৰাকী মহিলা কনিষ্টবলে ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ বিলাসী জীৱন সকলোকে দেখুৱাই আহিছিল।
ড্ৰাগছৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহে তেওঁৰ এই বিলাসীতাৰ উৎস। ড্ৰাগছৰ গোচৰত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ল যদিও অমনদ্বীপ কৌৰ পুনৰ আন এক গোচৰত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে। এইবাৰ তেওঁৰ বিৰুদ্ধে গোচৰ আয়তকৈ অধিক সম্পত্তি।
সোমবাৰে অমনদ্বীপ কৌৰক গ্ৰেপ্তাৰ কৰে ৰাজ্যখনৰ এণ্টি নাৰ্কটিকছ টাস্ক ফ’ৰ্চে। ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ সম্পত্তিও জব্দ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি বাথিণ্ডাত অমনদ্বীপৰ আছে এটা বিলাসী অট্টালিকা। যাৰ নিৰ্মাণ ব্যয় প্ৰায় ১ কোটি টকা।
ইয়াৰ উপৰিও তেওঁ ১৯ লাখ টকাত ড্ৰিম চিটিৰ মাটিও ক্ৰয় কৰিছে। অমনদ্বীপৰ চখ হৈছে ঘনে ঘনে বিলাসী গাড়ী সলনি কৰা আৰু বিলাসী বাইক চলোৱা। দামী ঘড়ী আৰু প্ৰসাধন সামগ্ৰী ব্যৱহাৰৰ প্ৰতিও তেওঁৰ আছে যথেষ্ট আকৰ্ষণ।
আৰক্ষীৰ সূত্ৰ অনুসৰি অমনদ্বীপৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে এখন বিলাসী গাড়ী, কেইবা লাখ টকাৰ এখন বাইক, এক লাখ টকীয়া হাতত পিন্ধা ঘড়ী আৰু ৫৬ হাজাৰ টকাৰ তিনিটা ফোন। তেওঁৰ বেংক একাউণ্টত আছে ১ লাখ টকা আছে।
উল্লেখ্য, যোৱা মাহত ড্ৰাগছ সৰবৰাহৰ এক গোচৰত ধৰা পৰিছিল অমনদ্বীপ। তেওঁৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছিল ১৭ গ্ৰাম হেৰ’ইন। তাৰ কিছু সময়ৰ পিছতে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।
অমনদ্বীপৰ বিৰুদ্ধে মাদক দ্ৰব্য আইনৰ অধীনত গোচৰ চলি আছিল। ইফালে এই কনিষ্টবলগৰাকীৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তিৰ অভিযোগ উঠিছে আৰু সেই গোচৰতে সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।