ভাৰত্তোলনত ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে দেৱদত্ত টিমুঙে

মহাৰাষ্ট্ৰৰ ক'ল্হাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ভাৰোত্তলন প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে কলিয়াবৰৰ মিছামুখৰ উদীয়মান শৰীৰচৰ্চাবিদ দেৱদত্ত টিমুঙে।

author-image
Tushar Pratim
New Update
ভাৰত্তোলনত ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে দেৱদত্ত টিমুঙে

ডিজিটেল সংবাদ,কলিয়াবৰঃ মহাৰাষ্ট্ৰৰ ক'ল্হাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ভাৰোত্তলন প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে কলিয়াবৰৰ মিছামুখৰ উদীয়মান শৰীৰচৰ্চাবিদ দেৱদত্ত টিমুঙে। ভাৰতীয় ভাৰোত্তলন সংস্থাৰ উদ্যোগত ২০ৰ পৰা ২৫ মে'লৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত কলিয়াবৰৰ দেৱদত্ত টিমুঙে ৫৩ কেজিৰ শাখাত বেঞ্চপ্ৰেছত দ্বিতীয়, স্কোৱাটত চতুৰ্থ স্থানসহ প্ৰতিযোগিতাখনত সামগ্ৰিকভাৱে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়। 

Advertisment

দেশৰ বিভিন্ন স্থানৰ ২৫ গৰাকীৰো অধিক খেলুৱৈ ৫৩ কেজি শাখাত অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত কেইবাটাও শাখাত পাৰদৰ্শিতা অৰ্জন কৰে দেৱদত্তই। উল্লেখ্য যে, কলিয়াবৰৰ মিছামুখৰ ৰিজি টিমুং আৰু ৰীতা বৰদলৈৰ পু্ত্ৰ দেৱদত্ত টিমুঙে ইতিমধ্যে শৰীৰচৰ্চা আৰু ভাৰোত্তোলনৰ জৰিয়তে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে।

২০২১ চনৰ পৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ আৰম্ভ কৰা দেৱদত্তই ইতিমধ্যে ২০২২ত মিষ্টাৰ শোণিতপুৰ, ২০২৩ত মিষ্টাৰ কলিয়াবৰৰ লগতে বহুকেইটা খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। সীমিত সা-সুবিধাৰ মাজতেই নিজৰ বাসগৃহতে এটা শৰীৰ চৰ্চা কেন্দ্ৰ স্থাপন কৰি অনুশীলন অব্যাহত ৰাখিছে দেবদত্তই।

ভাৰত্তোলনত ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে দেৱদত্ত টিমুঙে

ভাৰোত্তলন আৰু শৰীৰ চৰ্চাৰ যোগেদি ভবিষ্যতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰাৰ হেঁপাহ মনত পুহি ৰাখিছে দেৱদত্ত টিমুঙে।

ভাৰত্তোলন কলিয়াবৰ