/asomiyapratidin/media/media_files/2025/05/28/jdYaDOIURVDMdfwyveBH.jpg)
কামি ৰীতা শ্বেৰপা। এভাৰেষ্ট মেন হিচাপে খ্যাত এইগৰাকী শ্বেৰপাই মুঠ ৩১ বাৰ আৰোহণ কৰিলে এভাৰেষ্ট। তেওঁ লিপিব্ধ কৰিলে এই অনন্য অভিলেখ। কামি ৰীতা শ্বেৰপাই কেতিয়াৰ পৰা, কেনেকৈ আৰু কিদৰে পৰ্বতাৰোহণ আৰম্ভ কৰিলে সেই সকলো দিশ সামৰি তেওঁৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
মানুহজনক দেখিলে তেনেই সাধাৰণ যেনেই লাগে।আপোনাৰ মোৰ দৰেই একেই তেজ, মঙহেৰে গঠিত তেওঁৰ দেহ। অৱশ্যে তেওঁৰ বুকুত থকা সাহস সাধাৰণ নহয়। তেওঁ কৰা প্ৰতিটো কামেই অসাধাৰণ।
মানুহজনৰ আছে এটা পৰিয়াল। এই পৰিয়ালটোৰ সৈতে থাকিবলৈ আছে এটা ঘৰো। কিন্তু এই ঘৰটোতকৈ তেওঁৰ বাবে অধিক প্ৰিয় মাউণ্ট এভাৰেষ্টহে। এভাৰেষ্টেই তেওঁৰ প্ৰিয় ঘৰ।
হিমালয়ৰ বুকুতেই শৈশৱ, যৌৱন পাৰ কৰা এইগৰাকী ব্যক্তি মন গ’লেই গুছি যায় এভাৰেষ্টৰ শিখৰলৈ। যি আপোনাৰ, মোৰ দৰে সাধাৰণ মানুহৰ কথা বাদেই পৰ্বতাৰোহীৰ বাবেও সপোন।
কিমান পৰ্বতাৰোহীৰ সপোন, ধ্যান, প্ৰচেষ্টা আৰু ত্যাগৰ নাম এভাৰেষ্ট সেয়া হয়তো হিচাপ কৰিব নোৱাৰি। এভাৰেষ্টৰ শীৰ্ষ পৰ্বতাৰোহীৰ সপোন। ইয়াৰ বাবেই কৰে কঠোৰ অনুশীলন। কৰে অশেষ্ট কষ্ট।
কিমান পৰ্বতাৰোহীৰ এই সপোন সপোন হৈয়ে ৰৈছে অথবা কিমানে আধাতে অভিযান সামৰি ঘূৰি আহিছে অথবা কিমানজনে এভাৰেষ্টৰ বুকুত প্ৰাণ এৰিছে তাৰো কোনো সীমা সংখ্যা নাই। অথচ এই মানুহজনৰ ঠিকনাই এভাৰেষ্টৰ শীৰ্ষ।
এবাৰ দুবাৰ নহয়, মুঠ ৩১ বাৰ এভাৰেষ্টৰ শীৰ্ষত আৰোহণ কৰিছে তেওঁ। প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল ১৯৯৪ চনত।
'দ্য এভাৰেষ্ট মেন' কামি ৰীতা শ্বেৰপা
নেপালৰ কামি ৰীতা শ্বেৰপা। যাক পৰ্বতাৰোহীসকলে এভাৰেষ্ট মেন হিচাপেই চিনি পায়। তেওঁৰ অবিহনে যেন অসম্ভৱ এভাৰেষ্ট আৰোহণ। মাত্ৰ ২৪ বছৰ বয়সৰ পৰাই তেওঁ এভাৰেষ্ট আৰোহণ কৰিবলৈ আৰম্ভ কৰিছিল।
তেতিয়াৰে পৰা তেওঁৰ নামত লিপিবদ্ধ হৈছে এটাৰ পিছত এটা অভিলেখ। পিছত নিজেই ভংগ কৰিছে সেই অভিলেখ। তেওঁ প্ৰমাণ কৰিছে আকাশৰ উচ্চতাক স্পৰ্শ কৰিবলৈ লাগে আৱেগ, সপোন আৰু সাহাস। এই সাহস থাকিলে কঠিন একোৱেই নহয়।
নেপালৰ কামি ৰীতা শ্বেৰপাই অসম্ভৱকো সম্ভৱ কৰি তুলিলে। অদম্য সাহসেৰে একেৰাহে তেওঁ ৩১ বাৰৰ বাবে মাউণ্ট এভাৰেষ্টৰ শিখৰত আৰোহণ কৰি পুনৰ এভাৰেষ্টৰ শিখৰত উৰুৱালে তেওঁৰ নিচান।
২৪ বছৰ বয়সতে কামি ৰীতাই আৰোহণ কৰিছিল এভাৰেষ্ট
নেপালৰ ছ’লুখুম্বু জিলাৰ বাসিন্দা কামি ৰীতা শ্বেৰপাই সৰুৰে পৰা পৰ্বত আৰোহণৰ প্ৰতি আকৰ্ষিত হৈছিল। ২০২৩ চনত ২৮ সংখ্যক আৰোহণৰ সময়ত মাত্ৰ এসপ্তাহতে এভাৰেষ্টৰ শিখৰত উপনীত হৈছিল তেওঁ।
১৯৯৪ চনৰ ১৩ মে’ৰ দিনটো, শ্বেৰপাই প্ৰথমবাৰৰ বাবে এভাৰেষ্ট বগাইছিল। এভাৰেষ্ট আৰোহণৰ উপৰিও শ্বেৰপাই মাউণ্ট কে ২, মাউণ্ট লোট্চে, মাউণ্ট মানাছলু আৰু মাউণ্ট চো অয়ু বগাইছে। তেওঁ এই পৰ্বতাৰোহণৰ দক্ষতা লাভ কৰিছে পিতৃৰ পৰা।
কামি ৰীতাৰ শ্বেৰপাৰ পৰিয়ালৰ কামেই পৰ্বতাৰোহণ
১৯৭০ চনত নেপালৰ থামে অঞ্চলত জন্মগ্ৰহণ কৰিছিল কামি ৰীতা শ্বেৰপাই। ২০১৮ চনৰ মে’ মাহৰ পিছত সৰ্বাধিক বাৰ মাউণ্ট এভাৰেষ্টৰ শিখৰত আৰোহণৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে নেপালৰ এইগৰাকী শ্বেৰপা গাইডে।
তেওঁ এই দক্ষতা লাভ কৰিছে উত্তৰাধিকাৰী সূত্ৰে। কামি ৰীতা শ্বেৰপাৰ পিতৃ ১৯৫০ চনৰ প্ৰথম পেছাদাৰী শ্বেৰপা গাইডৰ ভিতৰত আছিল অন্যতম। তেওঁৰ ভাতৃ লকপা ৰীতাও ১৭ বাৰ এভাৰেষ্ট আৰোহণ কৰা গাইড।
২০১৭ চনত কামি ৰীতাই ২১ বাৰ মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা তৃতীয়জন ব্যক্তি হিচাপে পৰিগণিত হৈছিল। তাৰ পূৰ্বে আপা শ্বেৰপা আৰু ফুৰ্বা তাছি শ্বেৰপাৰ নামত আছিল এই অভিলেখ।
কামি ৰীতা শ্বেৰপাৰ নামত আছে এইসমূহ অভিলেখ
২০১৮ চনৰ ১৬ মে’ত ৪৮ বছৰ বয়সত কামি ৰীতা শ্বেৰপাই ২২ বাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল।
৮,৮৫০ মিটাৰ (২৯,০৩৫ ফুট) উচ্চতাৰ এই শৃংগত সৰ্বাধিক আৰোহণৰ অভিলেখ আছে তেওঁৰ নামতেই। সেই সময়তে তেওঁ সংবাদ মাধ্যমক জনাইছিল যে অৱসৰৰ পূৰ্বে তেওঁ ২৫ বাৰ এভাৰেষ্ট আৰোহণ কৰাৰ পৰিকল্পনা আছে।
কিন্তু তেওঁৰ সেই পৰিকল্পনাক বাস্তৱায়িত কৰাই নহয়, সকলো অভিলেখ ভংগ কৰি ৩১ বাৰ এভাৰেষ্ট আৰোহণ কৰি গঢ়িলে অনন্য অভিলেখ। কামি ৰীতাই ৮০০০ মিটাৰ উচ্চতা আৰোহণ কৰিছে মুঠ ৩৮ বাৰ। এভাৰেষ্ট জয় কৰাৰ উপৰিও তেওঁ ২০০১, ২০০৪, ২০০৬, ২০০৯, ২০১১, ২০১৩, ২০১৪ আৰু ২০১৬ ত মুঠ ৮ বাৰ মাউণ্ট চো অয়ু, ২০১১ লোচে, আৰু ২০১৪ ত কে-২ আৰোহণ কৰিছে।