/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3f0636ee-cc7d-4187-a560-7dcac3cb9497/AP_FOR_WEB______________.jpg)
ডিজিটেল ডেস্ক: পৃথিৱীখনত ঘটি থকা কেতবোৰ ঘটনাই আমাক সময়ে-সময়ে আচৰিত হ'বলৈ বাধ্য কৰায়।হয়, এগৰাকী মহিলাৰ বয়স ৪০ বছৰ আৰু তেওঁৰ সন্তান ৩৮টা।আচৰিত নহয়নে ? হয়, এই বিশেষ মহিলাগৰাকীয়ে এতিয়ালৈকে মুঠ ৪৪ টা সন্তান জন্ম দিছে।যাৰ বাবে এই মহিলাগৰাকীক ‘আচৰিত মহিলা’ বুলি ক’লেও হয়তো ভুল কোৱা নহ'ব।
পূব আফ্ৰিকাৰ উগাণ্ডাৰ এই মহিলাগৰাকীৰ নাম মাৰিয়াম নাবাটেঞ্জি। উগাণ্ডাৰ মুনোকোত বাস কৰা মাৰিয়ামে তেওঁৰ জীৱনৰ ১৮ বছৰ গৰ্ভধাৰণত অতিবাহিত কৰিছে। তেওঁ একেলগে তিনিবাৰ চাৰিটাকৈ সন্তান জন্ম দিয়াৰ বিপৰীতে চাৰিবাৰ তিনিটা সন্তান আৰু ছয়বাৰ একেলগে দুটা সন্তান জন্ম দিছে।
মাৰিয়াম মাত্ৰ ১২ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল।বিয়াৰ এবছৰৰ পিছত তেওঁ দুটি যমজ সন্তান জন্ম দিয়ে।তেওঁ যেতিয়া জন্ম নিয়ন্ত্ৰণৰ বিষয়ে চিকিৎসকৰ সৈতে কথা পাতিছিল, তেতিয়া চিকিৎসকে পৰিয়াল পৰিকল্পনাৰ কোনো পদ্ধতিয়েই তেওঁৰ ওপৰত কাম নকৰে বুলি জানিবলৈ দিছিল। চিকিৎসকে লগতে তেওঁক সতৰ্ক কৰি দিছিল যে, যদি তেওঁ সন্তান জন্ম দিয়া বন্ধ কৰে, তেতিয়া তেওঁ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব।
চিকিৎসকৰ মতে, ডিম্বাশয়ৰ অস্বাভাৱিক ডাঙৰ আকাৰৰ বাবে তেওঁলোকৰ সৈতে এনে হৈছিল।তেওঁৰ ৬ টা সন্তানৰ জন্মৰ পিছতে মৃত্যু হৈছে।মাৰিয়ামৰ ৩৮ টা জীৱিত শিশুৰ ভিতৰত ২০ টা পুত্ৰ আৰু ১৮ গৰাকী কন্যা সন্তান, যাক তেওঁ অকলেই ডাঙৰ-দীঘল কৰি আছে। উল্লেখ্য যে, মাৰিয়ামক স্বামীয়ে ইতিমধ্যেই এৰি থৈ গৈছে।
Also Read: ভাৰতীৰ সফলতাৰ যাত্ৰাৰ বিষয়ে জানিলে আপুনিও লাভ কৰিব অনুপ্ৰেৰণা