ভাৰতীৰ সফলতাৰ যাত্ৰাৰ বিষয়ে জানিলে আপুনিও লাভ কৰিব অনুপ্ৰেৰণা

লক্ষ্য স্থিৰ কৰি কঠোৰ পৰিশ্ৰম তথা একাগ্ৰতাৰে আগবাঢ়ি গ’লে সফলতা লাভৰ ক্ষেত্ৰত একো কাৰকেই হেঙাৰ হ’ব নোৱাৰে। ইয়াৰ এক উৎকৃষ্ট উদাহৰণ সাকে ভাৰতী। অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰৰ নিবাসী সাকে ভাৰতী পেছাত এগৰাকী শ্ৰমিক।

author-image
Asomiya Pratidin
New Update
ভাৰতীৰ সফলতাৰ যাত্ৰাৰ বিষয়ে জানিলে আপুনিও লাভ কৰিব অনুপ্ৰেৰণা

ডিজিটেল ডেস্ক: লক্ষ্য স্থিৰ কৰি কঠোৰ পৰিশ্ৰম তথা একাগ্ৰতাৰে আগবাঢ়ি গ’লে সফলতা লাভৰ ক্ষেত্ৰত একো কাৰকেই হেঙাৰ হ’ব নোৱাৰে। ইয়াৰ এক উৎকৃষ্ট উদাহৰণ সাকে ভাৰতী। অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰৰ নিবাসী সাকে ভাৰতী পেছাত এগৰাকী শ্ৰমিক। দিনটো শ্ৰম কৰিলেহে ৰাতি ভাৰতীৰ ঘৰৰ চৌকাত জুই জ্বলে। ভাৰতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি নিজৰ ভৰিত নিজে থিয় হোৱাৰ সপোন দেখিছিল। এই সপোন মনতে ৰাখি ভাৰতীয়ে প্ৰতিদিনে শ্ৰম কৰি গৈছিল। ভাৰতীৰ এই সপোন অৱশেষত বাস্তৱ হ’ল ।হয়, তেওঁ এতিয়া ৰসায়ন বিজ্ঞানত পিএইচডি ডিগ্ৰীধাৰী।

Advertisment

ভাৰতীয়ে অনন্তপুৰৰ এটা অতি জৰাজীৰ্ণ পজাত বাস কৰে।সৰুৰে পৰাই সীমাহীন সংগ্ৰাম কৰি তেওঁ দ্বাদশ শ্ৰেণীলৈকে এখন চৰকাৰী বিদ্যালয়ত পঢ়িছিল। উচ্চ শিক্ষা গ্ৰহণৰ যথেষ্ট মন আছিল যদিও তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নাছিল।যাৰ বাবে দ্বাদশ শ্ৰেণীৰ অধ্যয়ন শেষ কৰাৰ লগে লগেই ভাৰতী বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁৰ স্বামীৰ নাম শিৱপ্ৰসাদ।ভাৰতী আৰু শিৱপ্ৰসাদ এতিয়া এগৰাকী কন্যাৰ অভিভাৱক। 

শিৱপ্ৰসাদো এজন শ্ৰমিক। তেওঁলোক দুয়োয়ে শ্ৰম কৰি কন্যাক পঢ়োৱাৰ লগতে ঘৰৰ সকলো দায়িত্ব যেনে-তেনে পালন কৰি আছিল। ইয়াৰ পাছতো এগৰাকী মাতৃ, এগৰাকী শিক্ষাৰ্থী তথা শ্ৰমিক হিচাপে কোনো দায়িত্বৰ পৰাই আঁতৰি নাছিল ভাৰতী। ভাৰতীয়ে এছএছবিএন ডিগ্ৰী আৰু পিজি কলেজ অনন্তপুৰৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত, তেওঁ স্নাতকোত্তৰ সম্পূৰ্ণ কৰিলে।তেওঁ দিনটোৰ সকলো কাম-বন শেষ কৰি ৰাতি বহু দেৰিলৈকে পঢ়িছিল।ইফালে, ৰাতিপুৱা সোনকালে উঠি ঘৰৰ সকলো কাম কৰি দিনটোৰ বাবে ওলাই যাবলগীয়া হৈছিল।কেতিয়াবা যদি শ্ৰম কৰিবলৈ, কেতিয়াবা আকৌ ভাৰতী কলেজলৈ গৈছিল। কলেজ বা কামৰ পৰা উভতি অহাৰ পিছত তেওঁ ৰাতি ঘৰুৱা কাম শেষ কৰি অধ্যয়নত বহিছিল। 

ভাৰতীয়ে মহাবিদ্যালয়লৈ যাওঁতে বাছ ধৰিবলৈ ১০ কিলোমিটাৰ খোজ কাঢ়িব লগীয়া হৈছিল। তেওঁৰ গাওঁখন মহাবিদ্যালয়ৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত।তেওঁ বাছ ষ্টেণ্ডলৈ খোজ কাঢ়ি আৰু তাৰ পৰা তাই এখন চৰকাৰী বাছত মহাবিদ্যালয়লৈ গৈছিল।ভাৰতীৰ এই সফলতা নিশ্চয়কৈ সকলোৰে বাবে আদৰ্শ।

Also Read: নিচাক পেছা কৰি আদৰ্শ হৈ পৰিছে অদিতি বলবীৰ