গ্ৰহ দোষৰ পৰা কিদৰে মুক্তি লাভ কৰিব পাৰি, জানি লওঁক

সম্পৰ্ক লাগিলে যিয়েই হওঁক, সমস্যা থাকেই। মৰম-বিশ্বাসৰে বান্ধ খোৱা এটা সম্পৰ্ক ৰক্ষা কৰাৰ যত্ন সকলোয়ে কৰে। কিন্তু তাৰ পাছতো সম্পৰ্কবোৰ নিটিকে। কিয়নো, ইয়াৰ আঁৰত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ থাকে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
গ্ৰহ দোষ

ডিজিটেল ডেস্ক: সম্পৰ্ক লাগিলে যিয়েই হওঁক, সমস্যা থাকেই। মৰম-বিশ্বাসৰে বান্ধ খোৱা এটা সম্পৰ্ক ৰক্ষা কৰাৰ যত্ন সকলোয়ে কৰে। কিন্তু তাৰ পাছতো নিটিকে। কিয়নো, ইয়াৰ আঁৰত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ থাকে। হয়, জ্যোতিষ শাস্ত্ৰৰ মতে কিছুমান গ্ৰহ এনে আছে, যিয়ে  আপোনাৰ প্ৰেম জীৱনক দুৰ্বল কৰি তোলে। আজি এই বিষয়ে জানো আহক-

Advertisment

শনি গ্ৰহ

শনিক আটাইতকৈ কঠোৰ গ্ৰহ বুলি গণ্য কৰা হয়। এই গ্ৰহৰ প্ৰভাৱত মানুহে ইজনে সিজনৰ লগত কথা পাতিবলৈ মন নকৰে। শনিৰ কাৰণে সম্পৰ্কত উত্তেজনা আৰু বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হয়। শনি গ্ৰহৰ প্ৰভাৱ এনেকুৱা যে আপুনি ইজনে সিজনৰ সৰু সৰু বিষয়বোৰ অতিৰঞ্জিত কৰে, সহজে ক্ষুন্ন হয় আৰু কাজিয়া চলি থাকে। ইয়াৰ প্ৰভাৱত প্ৰেম কমি আৰু দূৰত্ব বাঢ়ি যায়।

মংগল গ্ৰহ

মংগল গ্ৰহ ক্ৰোধ আৰু উগ্ৰতাৰ প্ৰতীক। যেতিয়া এই গ্ৰহৰ প্ৰভাৱ ৰাশিফলত পৰে, তেতিয়া খং আৰু খিংখিঙীয়া স্বভাৱ বৃদ্ধি পায়। ইয়াৰ বাবেই সৰু সৰু কথাক লৈ কাজিয়া হ’বলৈ আৰম্ভ কৰে আৰু সম্পৰ্কত দূৰত্বৰ সৃষ্টি হয়। মংগল গ্ৰহৰ বাবেই মানুহে ইজনে সিজনক বুজি পোৱাৰ পৰিৱৰ্তে সংঘৰ্ষ হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে প্ৰেম কমি সম্পৰ্কটো দুৰ্বল হৈ পৰে।

ৰাহু গ্ৰহ

ৰাহু হৈছে ভ্ৰম আৰু ভুল বুজাবুজিৰ সৃষ্টি কৰা এটা গ্ৰহ। যেতিয়া এই গ্ৰহৰ প্ৰভাৱ আপোনাৰ প্ৰেম জীৱনত পৰে, তেতিয়া ই সম্পৰ্কত বহু ধৰণৰ জটিলতা আৰু উত্তেজনা কঢ়িয়াই আনে। ৰাহুৰ প্ৰভাৱৰ বাবে দুয়োজন সংগীয়ে ইজনে সিজনক সন্দেহ কৰিবলৈ আৰম্ভ কৰে, বিশ্বাস কমি যায় আৰু প্ৰেমৰ পৰীক্ষা হয়। লাহে লাহে এইবোৰ কাৰণত এটা সম্পৰ্ক শেষ হয়।

গ্ৰহৰ প্ৰভাৱ কেনেকৈ হ্ৰাস কৰিব পাৰি ?

যদি আপুনি অনুভৱ কৰে যে, এই গ্ৰহবোৰে আপোনাৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিছে, তেন্তে জ্যোতিষৰ পৰামৰ্শ গ্ৰহণ কৰি গ্ৰহবোৰৰ নেতিবাচক প্ৰভাৱ কমাব পাৰি। ইয়াৰ বাবে কিছুমান প্ৰতিকাৰ, পূজা অথবা মন্ত্ৰজপ উপকাৰী হ’ব পাৰে।

আনহাতে, সম্পৰ্ক এটা ৰক্ষাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল পাৰস্পৰিক বুজাবুজি, প্ৰেম আৰু সহনশীলতা। গ্ৰহবোৰৰ লগতে আপোনাৰ আচৰণ আৰু চিন্তাধাৰাতো পৰিৱৰ্তন আনিব, যাতে সম্পৰ্কবোৰ অধিক শক্তিশালী হয়।